ETV Bharat / state

Loksabha election 2024: কোকৰাঝাৰত নিজা প্ৰাৰ্থী দিয়াৰ কুচকাৱাজ বিজেপিৰ

author img

By

Published : Jun 13, 2023, 2:17 PM IST

মিত্রতাৰ মাজতে কৌশলী ৰাজনীতি বিজেপিৰ । লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিটো মিত্রদল ইউ পি পি এলক এৰি দিয়াৰ পৰিৱৰ্তে নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে বিজেপি । ভোটাৰৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ নিয়োগ কৰা হৈছে পৃষ্ঠাপ্রমুখ । প্ৰতি 60 গৰাকী ভোটাৰৰ বিপৰীতে দলটোৱে নিয়োগ কৰিছে এগৰাকীকৈ পৃষ্ঠাপ্রমুখ । পৃষ্ঠাপ্ৰমুখসকলৰ তথ্য তথা প্রতিবেদনৰ ওপৰত ভিত্তি কৰি দলৰ নেতৃত্বই ল'ব সিদ্ধান্ত ।

Loksabha election 2024
কোন হ’ব ইউ পি পি এলৰ লোকসভাৰ প্ৰাৰ্থী

গুৱাহাটী, 13 জুন: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই সাজু হোৱা শাসকীয় দল বিজেপিয়ে অসমৰ 14 খন অসনতে চকু ৰাখিছে যদিও 12+ লক্ষ্য নিৰ্ধাৰণ কৰিছে । যাৰ বাবে ব্যাপক ৰণকৌশলেৰে অৱতীৰ্ণ হৈছে শাসকীয় দলটো । আন আন সমষ্টিৰ দৰে কোকৰাঝাৰ সমষ্টিক লৈয়ো তৎপৰ হৈ পৰিছে বিজেপি দল । বিগত পৰিষদীয় নির্বাচনত ইউ পি পি এলৰ জৰিয়তে বি টি আৰৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা বিজেপিয়ে এইবাৰ লোকসভা নির্বাচনতো নিজৰ ৰাজনৈতিক ভেঁটি শক্তিশালী কৰাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । লোকসভা নিৰ্বাচনত সমষ্টিটো মিত্রদল ইউ পি পি এলক এৰি দিয়াৰ পৰিৱৰ্তে নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনাৰে সংগোপনে আগবাঢ়িছে বিজেপি । ইয়াৰ বাবে দলটোৰ ৰাজ্যিক মুখ্য সাংগঠনিক সম্পাদক ফণী শর্মাই সঘনে বি টি আৰৰ বিজেপি নেতা-কর্মীৰে যোগাযোগো অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ।

Loksabha election 2024
কোন হ’ব ইউ পি পি এলৰ লোকসভাৰ প্ৰাৰ্থী

দলীয় এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কোকৰাঝাৰ সমষ্টিটো বিজেপিয়ে মিত্রদল ইউ পি পি এলক এৰি দিব নে নিজে প্রার্থী প্রক্ষেপ কৰিব তাৰ বাবে ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে সমীক্ষা । ইয়াৰ বাবে দলটোৱে বুথ কমিটীৰ পৰ্যায়ৰ পৰাই কৰ্মীসকলক সক্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । দলটোৱে ৰাজ্যখনৰ আন প্ৰান্ততো দলৰ ভেঁটি শক্তিশালী কৰাৰ বাবে জনসম্পৰ্ক অভিযানকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বি টি আৰৰ ক্ষেত্ৰত কিছু সুকীয়াকৈ ৰণনীতি প্ৰস্তুত কৰিছে । কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিৰ 1300 খনৰো অধিক বুথ কমিটী আছে । এই সকলো বুথ কমিটীতে আকৌ প্ৰতি 60 গৰাকী ভোটাৰৰ বিপৰীতে দলটোৱে নিয়োগ কৰিছে এগৰাকীকৈ পৃষ্ঠাপ্রমুখ ।

Loksabha election 2024
কোন হ’ব ইউ পি পি এলৰ লোকসভাৰ প্ৰাৰ্থী

জানিব পৰা মতে 60 গৰাকীকৈ ভোটাৰৰ বাবে নিয়োগ কৰা প্ৰতিগৰাকী পৃষ্ঠাপ্রমুখে প্রতিটো মুহুৰ্তত ভোটাৰৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিছে । ভোটাৰসকল কোন দলৰ সৈতে জড়িত হৈ আছে তথা বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে নে নাই এই সকলো দিশ নিৰীক্ষণ কৰিবলৈ প্ৰতিগৰাকী পৃষ্ঠাপ্রমুখকে শীর্ষ পর্যায়ৰ পৰা কঠোৰ নির্দেশনাও প্ৰদান কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি এইক্ষেত্ৰত পৃষ্ঠাপ্ৰমুখসকলৰ পৰা লাভ কৰা তথ্য তথা প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে গেৰুৱা দলটোৱে কোকৰাঝাৰ সমষ্টিত নিজেই প্রার্থী প্রক্ষেপ কৰিব নে মিত্ৰদলক এৰি দিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিব । অৱশ্যে এইক্ষেত্ৰত ইতিবাচক দিশেৰেই আগবাঢ়িবলৈ তথা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰাকৈ দলক শক্তিশালী কৰিবলৈ শীর্ষ নেতৃত্বই তৃণমূল নেতা-কর্মীসকলক নির্দেশ প্রদান কৰিছে ।

উল্লেখ্য যে, বি টি আৰত পৰিষদ গঠনৰ ক্ষেত্ৰত বিজেপিয়ে ইউ পি পি এলেৰে মিত্ৰতা কৰিলেও পৰিষদৰ মুখ্য কাৰ্যবাহীৰ লগতে অধিকাংশ পাৰিষদ ইউ পি পি এলকে এৰি দিছে । সেইদৰে ৰাজ্যসভাৰ খালী হোৱা এখন আসনো বিজেপিয়ে ইউ পি পি এলক এৰি দিছে আৰু সেই সূত্রেই ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰো সুযোগ লাভ কৰিছে । স্বাভাৱিকতে পৰিষদৰ লগতে ৰাজ্যসভাৰ সাংসদৰ পদো মিত্রদলক এৰি দিয়া গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিটোত নিজৰ প্ৰভুত্ব বৰ্তাই ৰখাৰে পৰিকল্পনা কৰিছে ।

লক্ষণীয় বিষয় যে, বিজেপি আৰু ইউ পি পি এল দল মিত্ৰতাত থাকিলেও পৰিষদত তৃণমূল পর্যায়ত বিজেপি আৰু ইউ পি পি এলৰ নেতা-কৰ্মীৰ মাজত মিত্ৰতাৰ প্ৰভাৱ যথেষ্ট কম । তৃণমূল পর্যায়ত দুয়োটা দলেই দুটা বিপৰীত মেৰুতহে অৱস্থান কৰা পৰিলক্ষিত হৈছে । মিত্ৰতাৰে পৰিষদ চলালেও বিজেপিৰ কৰ্মীসকলক বি টি আৰত গুৰুত্বহীন কৰি ৰখাৰ অভিযোগ আছে । এই লৈ ৰাজ্যিক নেতৃত্বকো সময়ে সময়ে অৱগত কৰাই আহিছে বি টি আৰৰ বিজেপি নেতা-কৰ্মীসকলে । যাৰ পৰিপ্ৰেক্ষিতত ইউ পি পি এলৰ লগত সুসম্পর্ক বজাই ৰখাৰ লগতে বিজেপিৰ তৃণমূল কৰ্মীসকলকো সন্তুষ্ট কৰাৰ লক্ষ্যৰেই বিজেপিৰ শীৰ্ষ নেতৃত্বই বি টি চিত বিশেষ কৌশল অৱলম্বন কৰিছে ।

কোকৰাঝাৰ সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰোৱাৰ বাবেই দলটোৱে অধিক গুৰুত্ব আৰোপ কৰিছে । জানিব পৰা মতে, বি টি চিত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিজেপিয়ে চৰকাৰে মহিলাসকলৰ বাবে ঘোষণা কৰা বিভিন্ন আঁচনিসমূহক লৈ বিশেষ অভিযান চলাইছে । বিশেষকৈ মহিলা ভোটাৰক দলৰ প্ৰতি আকৰ্ষণ কৰাৰ লক্ষ্যৰেই দলটোৱে ৰণনীতি প্ৰস্তুত কৰিছে । লক্ষণীয় বিষয় যে পৰিষদত দলটোৰ শেহতীয়া সকলো গতি-বিধি তথা অগ্রগতি সম্পৰ্কে দলৰ ৰাজ্যিক মুখ্য সাংগঠনিক সম্পাদক ফণী শৰ্মাই নিয়মীয়াকৈ বুজ লৈ আহিছে । অৱশ্যে সময় সাপেক্ষে বিজেপিয়ে ৰণকৌশল সলনি কৰিব পাৰে যদিও বৰ্ত্তমান সময়ত বিজেপি নিজৰ লক্ষ্যৰে আগবাঢ়ি গৈছে ।

উল্লেখ্য যে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিটোত 1957 চনৰ পৰা 1971 চনলৈকে অৰ্থাৎ একেৰাহে চাৰিবাৰ সংসদলৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ ডি বসুমতাৰী । ইয়াৰ পাছত 1977 চনত য়ু এৰ চৰণ নাৰ্জাৰী, 1984 চনত য়ু এৰ সমৰ ব্ৰহ্ম চৌধুৰী, 1991 চনত নিৰ্দলীয় ৰূপত সত্যেন্দ্ৰ নাথ ব্ৰহ্ম, 1996 চনত লুইছ ইছলাৰী (নিৰ্দলীয়), 1998-2004 চনলৈ নিৰ্দলীয় ৰূপে চানচুমা খুংগুৰ বিছমুঠাৰী, 2009 চনত বি পি এফ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয় চানচুমা খুংগুৰ বিছমুঠাৰী ।

কিন্তু 2014 ৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটো বড়ো প্ৰতিনিধিৰ হাতৰ পৰা অবড়োৰ হাতলৈ যায় । 2014 ৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হয় নৱ কুমাৰ শৰণীয়া । 2014 চনৰ নিৰ্বাচনত নৱ শৰণীয়াই 6,34,428 টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই পাই 2,78,649 টা ভোট । তৃতীয় স্থানত থকা বি পি এফ প্ৰাৰ্থী চন্দন ব্ৰহ্মই 2,98,985 টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে 18,183 টা ভোট ।

আনহাতে 2019 চনতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে জয়ী হয় নৱ কুমাৰ শৰণীয়া । নৱ কুমাৰ শৰণীয়াই বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মক 37,786 টা ভোটত পৰাজিত কৰে ।

লগতে পঢ়ক : water explosion in Guwahati : ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক;মীৰা বৰঠাকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.