ETV Bharat / state

হিতাধিকাৰীক সদস্য কৰাৰ লক্ষ্যৰে বিজেপিৰ ‘লোকসভা প্রবাস যোজনা' - BJP aims politically to strengthen vote bank beneficiaries of government schemes

বিৰোধীৰ খোৱা কামোৰাৰ মাজতে শাসকীয় দল বিজেপি সুপৰিকল্পনাৰে সাজু লোকসভা নিৰ্বাচনৰ বাবে । নতুন ভোটাৰ, মহিলা আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক লক্ষ্য কৰি অৱতীৰ্ণ হ’ব লোকসভাৰ নিৰ্বাচনী যুঁজত। অসমৰ ৫০ লাখ হিতাধিকাৰীক সদস্য কৰাৰ লক্ষ্য শাসকীয় দলৰ (BJP aims to make 50 lakh beneficiaries members)।

cm
Lok Sabha Pravas Yojana:হিতাধিকাৰীক সদস্য কৰাৰ লক্ষ্যৰে বিজেপিৰ ‘লোকসভা প্রবাস যোজনা'
author img

By

Published : Jul 2, 2022, 3:19 PM IST

গুৱাহাটী,২ জুলাই: লোকসভা নির্বাচনলৈ কিছুদিন আছে যদিও হাত সাৱতি থকা নাই শাসকীয় দল বিজেপি । দলটোৱে এতিয়াৰে পৰাই পৰিকল্পিতভাৱে সাজু হৈছে লোকসভা নিৰ্বাচনৰ বাবে( BJPs preparation for Lok Sabha election)। বিজেপিৰ এনে স্থিতিৰ বিপৰীতে দেশৰ লগতে অসমৰো বিৰোধী ৰাজনৈতিক শক্তি বর্তমানেও বহুধাবিভক্ত । বিৰোধী একপ্ৰকাৰ নিজৰ মাজতেই খোৱা কামোৰাত ব্যস্ত ।

bjp
হিতাধিকাৰীক সদস্য কৰাৰ লক্ষ্যৰে বিজেপিৰ ‘লোকসভা প্রবাস যোজনা'

২০২৪ত অনুষ্ঠিত হ'বলগা দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহৰ খোৱা কামোৰাৰ মাজতে বিজেপিয়ে সু-পৰিকল্পনাৰে সাজু হৈছে । একপ্ৰকাৰ বিশেষ ৰণকৌশল অৱলম্বন কৰিছে । উল্লেখ যে ১৮-২৫ বছৰ বয়সৰ ভিতৰৰ নতুন ভোটাৰ,মহিলা আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ কান্ধত উঠিয়ে বিজেপি অৱতীৰ্ণ হ’ব দেশৰ পৰৱৰ্তী নিৰ্বাচনী যুঁজত । সেই অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নিজৰ ভোটবেংক শক্তিশালী কৰিবলৈ এইবাৰ মূলতঃ ৰাজনৈতিক লক্ষ্য কৰি লৈছে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক( BJP aims politically to strengthen vote bank beneficiaries of government schemes)।

উল্লেখ্য় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্র ২০ মাহ থকা সময়তে বিজেপিয়ে বর্তমান নিজৰ দখলত নথকা সমষ্টিসমূহৰ তৃণমূল পৰ্যায়ত ভোটবেংক শক্তিশালী কৰিবলৈ ‘লোকসভা প্রবাস যোজনা' শীর্ষক এক ৰাজনৈতিক অভিযান চলোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে( Lok Sabha Pravas Yojana of BJP) । ইফালে ,অসমত 'লোকসভা প্রবাস যোজনা' শীর্ষক অভিযান চলোৱাৰ প্ৰসংগত ইতিমধ্যে দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে বিজেপিৰ এক বিশেষ কৰ্মশালা । উক্ত বিশেষ কৰ্মশালাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিৎ পাত্র, প্রিয়ংগ পাণ্ডে আদিয়ে অংশ গ্ৰহণ কৰিছিল।

বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টিকে ধৰি দেশৰ ১৪৪ টা সমষ্টিত নিচেই কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল । সেয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ২০১৯ চনত জয়ী হোৱা সমষ্টিসমূহৰ উপৰি তেনেই কম ভোটৰ ব্যৱধানত পৰাস্ত হোৱা ১৪৪ টা সমষ্টিত বিজয় ধ্বজা উৰুৱাবলৈ লোকসভা প্রবাস যোজনা অভিযান চলোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

এনে অভিযানৰে অংশ হিচাপে দলটোৱে এইবাৰ লক্ষ্য কৰি লৈছে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী,মহিলা ভোটাৰ আৰু ১৮ বছৰৰ পৰা ২৫ বছৰৰ প্ৰথম ভোটাৰসকলক । দলটোৱে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা লোকসভা প্রবাস যোজনা অনুসৰি দেশৰ প্ৰতিটো সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ ওলোৱা ১৮ বছৰৰ পৰা ২৫ বছৰ বয়সৰ ভোটাৰক দলৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ উপৰি মহিলা ভোটাৰসকলকো দলৰ সৈতে সংযোগ কৰাৰ চেষ্টা চলাব ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লোকসভা প্রবাস যোজনাৰ জৰিয়তে শাসকীয় দলটোৱে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীক দলৰ সদস্য কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে শাসকীয় দলটোৱে বিজেপিৰ শাসনত থকা ৰাজ্যবোৰত যিমানবোৰ চৰকাৰী আঁচনি আছে, সেই আটাইবোৰ আঁচনিত অন্তৰ্ভুক্ত হিতাধিকাৰীৰ যোগাযোগৰ ঠিকনা সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে । অসমত ৰাজ্য চৰকাৰৰ কেৱল অৰুণোদয় আঁচনিতে হিতাধিকাৰী আছে প্রায় ২৮ লাখ ।তদুপৰি মাইক্ৰ'ফাইনেন্সত আছে ৬০ হেজাৰ । সেইদৰে মুখ্যমন্ত্ৰীৰ বিধৱা সাহায্য আঁচনি, প্রার্থনা আঁচনি, দীনদয়াল দিব্যাংগ পেন্সন আঁচনি, পি এম এ ৱাই জি আঁচনি, বৃদ্ধ পেন্সন আঁচনি, অন্ত্যোদয়া মহিলা আঁচনি, ধর্মজ্যোতি আঁচনি, কৃষক কল্যাণ আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি, মৰম আঁচনি, অৰুন্ধতী আঁচনি আদি ত্ৰিশখনৰো অধিক আঁচনিত ২০ লাখৰো অধিকহিতাধিকাৰী আছে । এই সকলো হিতাধিকাৰীৰ দলৰ সদস্য কৰাৰ সুপৰিকল্পিত ব্যৱস্থা কৰা হৈছে । বিজেপি মিত্রদলৰ চৰকাৰে এই আঁচনিসমূহৰ প্ৰায় পঞ্চাশ লাখ হিতাধিকাৰীক ২০২৪ৰ পূৰ্বে সদস্য কৰি লোৱাৰ লক্ষ্যত উপনীত হ'লে বিৰোধী দলসমূহৰ অৱস্থা কি হ’ব সেয়া সহজেই অনুমেয় ।

হিতাধিকাৰীসকলক সদস্য কৰিব পাৰিলে বিজেপিয়ে নির্বাচনত হিতাধিকাৰীসকলৰ পৰিয়ালত থকা আন ভোটাৰসকলকো প্ৰভাৱান্বিত কৰিব পৰাটো নিশ্চিত । ইতিমধ্যে অসমত লোকসভা প্রবাস যোজনাক সাৰ্থক ৰূপ দিয়াৰ বাবে সাজু হৈছে বিজেপিৰ নেতা-কৰ্মীসকল । তেওঁলোকে ঘৰে ঘৰে গৈ হিতাধিকাৰীসকলৰ সমৰ্থন আদায়ৰ প্ৰয়াসত ব্ৰতী হ'ব । উল্লেখ্য় যে এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰা হৈছে আৰু যাৰ আধাৰত বিজেপিৰ কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ অভিযান চলাব ।

লগতে পঢ়ক: Jal Jivan Mission: অসমত জলজীৱন আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.