গুৱাহাটী, 10 ছেপ্টেম্বৰ : উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ছটা বিধানসভা সমষ্টিৰ পাঁচটাতহে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে ৷ এই পাঁচোটা সমষ্টিতে যদি বিজেপি জয়ী হয় তেন্তে পঞ্চদশ অসম বিধানসভাত বিজেপি হ'ব একক সংখ্যাগৰিষ্ঠ দল ৷ ৰাজ্যিক বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি তামুলপুৰ সমষ্টিৰ বাহিৰে বাকী আটাইকেইখন আসনতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব ৷ তামুলপুৰ এৰি দিব মিত্ৰ দল ইউ পি পি এলক ৷
আনহাতে, ভবানীপুৰ সমষ্টিটো বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছিল যদিও এইবাৰ কিন্তু কোনো কাৰণতে এই আসনখন অগপক এৰি নিদিবলৈ সিদ্ধান্ত লৈছে গেৰুৱা দলটোৱে ৷ যাৰ বাবে ইতিমধ্যে দুই মিত্ৰ দল অগপ আৰু বিজেপিৰ মাজত শীতল যুদ্ধও আৰম্ভ হৈছে ৷ বিগত বিধানসভা নিৰ্বাচনত তামুলপুৰত অগপ প্ৰাৰ্থী ৰঞ্জিৎ ডেকা মাত্ৰ তিনি হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল এ আই ইউ ডি এফৰ ফণী তালুকদাৰৰ হাতত ৷
লগতে পঢ়কঃ মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈছে : ৰিপুন বৰা
এইবাৰ তামুলপুৰত বিজেপি প্ৰাৰ্থী হ'ব ফণী তালুকদাৰ ৷ ইপিনে গোঁসাইগাঁও সমষ্টি বি পি এফে চৰ্ত সাপেক্ষে বিজেপিক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বিগত বিধানসভা নিৰ্বাচনত গোঁসাইগাঁও বি পি এফে দখল কৰিছিল ৷ কিন্তু এইবাৰ পৰিবেশ পৰিস্থিতি সুকীয়া ৷
এইবাৰ বি পি এফে পাৰ্যমানে চেষ্টা চলাইছে বিজেপিৰ কাষ চপাৰ ৷ তাৰেই অংশস্বৰূপে এই সমষ্টিটোত বি পি এফে প্ৰতিদ্বন্দিতা নকৰাৰ সম্ভাৱনাই অধিক ৷
লগতে পঢ়কঃ উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি