ETV Bharat / state

লক ডাউন আংশিক শিথিল কৰিবলৈ চৰকাৰক আহ্বান ৰাজ্যিক বিজেপিৰ

author img

By

Published : Apr 10, 2020, 2:11 PM IST

লক ডাউন আংশিকভাৱে শিথিল কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে । দলৰ সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে ।

Bjp State president ranjit das request government to losses lock down
সংবাদমেল সম্বোধন

গুৱাহাটী,১০ এপ্ৰিলঃ ৰাজ্যৰ কৃষক সমাজৰ স্বাৰ্থত লক ডাউন আংশিকভাৱে শিথিল কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে । দলৰ সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে । দাসে লগতে কয় যে,কৃষকসকল যাতে অধিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰামাঞ্চলৰ লোক নগৰলৈ ওলাই আহিবলগীয়া নোহোৱাকৈ যাতে কৃষিকাৰ্যৰ সকলো সুবিধা লাভ কৰে তাৰ প্ৰতি চৰকাৰে চকু ৰাখিব লাগে ।

সংবাদমেল সম্বোধন

বিশেষকৈ গাঁৱৰ ধান-কলসমূহ মুকলি কৰি দিলেও কৃষকসকলে ভালেখিনি সকাহ পাব । একেদৰে উৎপাদিত ফচলসমূহো উপযুক্ত দৰত কৃষকে গাঁৱতে বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰিবলৈ দাসে চৰকাৰক আহ্বান জনায় । আনহাতে, লক ডাউনৰ সময়ছোৱাত বিজেপিৰ প্ৰায় ৩২ হাজাৰৰো অধিক কৰ্মকৰ্তাই দৰিদ্ৰ লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে । দল,মত,ভাষা, ধৰ্ম নিৰ্বিশেষে এই সাহাৰ্য বিতৰণ কৰা হৈছে । এতিয়ালৈকে ৮ লাখ ২৮ হাজাৰৰো অধিক লোকক এই সাহাৰ্য আগবঢ়োৱা হৈছে বুলি দাসে কয় । লগতে এই কথা স্পষ্ট কৰি দিয়ে যে লক ডাউন খুলিলেও ৰাজ্যৰ বিজেপি কৰ্মীসকলে ১৫ মে’ পৰ্যন্ত এই সাহাৰ্য বিতৰণ কৰি থাকিব ।

এনে সংকটৰ সময়ত ৰাজ্যৰ কংগ্ৰেছ দলে সাহাৰ্য বিতৰণৰ নামত ৰাজ্য চৰকাৰে পক্ষপাতিত্ব কৰিছে বুলি তোলা অভিযোগ অৰ্থহীন বুলি মন্তব্য কৰি এনে ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ বিজেপিৰ ৰাজ্য়িক সভাপতি গৰাকীয়ে কংগ্ৰেছ দলক আহ্বান জনায় ।

লগতে চাওকঃ ভয়াৰ্ত জনতাক গীতেৰে আশ্বাস কৰিমগঞ্জ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.