গুৱাহাটী, 18 জানুৱাৰী : কংগ্ৰেছ, এ আই ইউ ডি এফৰ অশুভ মিত্ৰতাৰ সহযােগী বাওঁপন্থী । কংগ্ৰেছ কমিউনিষ্ট আৰু কমিউনেল এই তিনিটা অশুভ শক্তিৰ সমাহাৰেৰে মহাজোঁটৰ নামত সংগঠিত হােৱা অপ-শক্তিক অসমৰ ৰাইজে নিশ্চিতভাৱে প্রত্যাখ্যান কৰিব । সোমবাৰে এখন সংবাদমেলত বিজেপি অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই এই মন্তব্য প্ৰদান কৰে ৷
লগতে তেওঁ পুনৰ কয় যে, অখিল গগৈ বাওঁপন্থী, লুৰিণ জ্যোতি সোঁ-পন্থী, মুনীন মহন্ত আৰু দেৱেন ভট্ট বাওঁপন্থী, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া সোঁ পন্থী, ৰকিবুল হুছেইন, বদৰুদ্দিন আজমল জিন্নাপন্থী । এতিয়া বাওঁপন্থী, সোঁপন্থী, জিন্নাপন্থী সকলাে একলগ হৈছে । এয়া অসমৰ কাৰণে অশুভ লক্ষণ ।
কৃষক আন্দোলনৰ নামত প্ৰণৱ বড়াে অগ্নিদগ্ধ হৈ মৃত্যু বৰণ কৰােতে কৃষক মুক্তি সদস্য সকলে মুঠিয়ে-মুঠিয়ে লাল চালাম দিছিল ৷ লাল চালাম কমিউনিষ্টসকলে প্ৰদান কৰে । কৃষক মুক্তি সংগ্রাম সমিতি মাওবাদী কমিউনিষ্ট আৰু সেই কৃষক মুক্তিৰ ঔৰসত ৰাইজৰ দলৰ জন্ম, সেই সূত্রে ৰাইজৰ দল কমিউনিষ্ট । এতিয়া ছদ্মৱেশী কমিউনিষ্টে আঞ্চলিকতাবাদৰ বসন পিন্ধিছে । একাংশ কমিউনিষ্ট বুদ্ধিজীৱী আৰু বাওঁপন্থীৰ নেতাই নেতৃত্ব লােৱা ৰাইজৰ দলৰ লগত এতিয়া লুৰিণ জ্যোতি গগৈৰ অসম জাতীয় পৰিষদে মিত্ৰতা কৰিছে । প্রত্যক্ষ বা পৰােক্ষভাৱে এতিয়া কংগ্ৰেছ, এ আই ইউ ডি এফৰ অশুভ মিত্ৰজোঁটৰ লগত বাওঁপন্থী দল বিলাক লগ লাগিছে ।
লগতে পঢ়ক : বিহু শেষ হোৱা নাই নগাঁৱৰ একাংশ চৰকাৰী কৰ্মচাৰীৰ
সংবাদমেলত মুখপাত্র সুভাষ দত্তই আকৌ কয় যে, ভাৰতীয় জনতা পার্টীৰ কোনাে কার্যকর্তাই কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই, আমি ৰাজনীতি কৰিছাে ৰাষ্ট্র নির্মাণৰ কাৰণে । ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ, বড়াে আঞ্চলিক ৰাজনৈতিক দল, মিচিং, তিৱা, ৰাভা জনগােষ্ঠীয় ৰাজনৈতিক শক্তি ঐক্যৱদ্ধ মিত্রজোটক অসমৰ ৰাইজে 2014 চনৰ পৰৱর্তী প্রতিটো নির্বাচনতে জনাৰ্দেশ প্রদান কৰিছে । সেই মিত্র শক্তিৰেই ভাৰতীয় জনতা পার্টী এইবাৰ নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি দত্তই উল্লেখ কৰে ।
লগতে পঢ়ক : কলগাছিয়াত ম'ৰেল পুলিচৰ ঘটনাঃ বিধৱা মহিলাক ৰছীৰে বান্ধি মাৰপিট