ETV Bharat / state

১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা

JP Nadda Assam Visit: 10 জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা ৷ অংশগ্ৰহণ কৰিব ৰাজ্য়িক কাৰ্যনিৰ্বাহকত ৷ ইয়াৰোপৰি দলৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়তো আলোচনাত মিলিত হ’ব নাড্ডা ৷

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 3:29 PM IST

jp nadda Assam Visit
অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা

গুৱাহাটী, ২ জানুৱাৰী: ১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা ৷ শাসকীয় দলটোৰ অধ্যক্ষগৰাকীয়ে অংশগ্ৰহণ কৰিব ৰাজ্যিক কাৰ্যনিৰ্বাহকত । মঙলবাৰে এই কথা জানিবলৈ দিয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অসমীয়া বিজেপি বাৰ্তা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই কয় যে জে পি নাড্ডাই অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যিক কায্যনিৰ্বাহক গুৱাহাটীতেই অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি ৯ জানুৱাৰীত অনুষ্ঠিত হ'ব বিজেপিৰ নিৰ্বাচন পৰিকল্পনা সমিতিৰ বৈঠক । ৮ জানুৱাৰীত বিজেপিৰ মৰ্চাসমূহৰ বৈঠক অনুষ্ঠিত হ'ব ৰঙিয়াত ।

১০ জানুৱাৰীত অনুষ্ঠিত হ’ব অসম বিজেপিৰ পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিৰ্বাহক । উল্লেখ্য যে মঙলবাৰে দিল্লীত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ য’ত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় গেৰুৱা দলটোৰ অধ্যক্ষ জগত প্ৰসাদ নাড্ডা ৷ 2024ৰ এপ্ৰিলৰ আশে-পাশে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ে উক্ত আলোচনাত স্থান পোৱা বুলি জানিব পৰা গৈছে ৷

10 জানুৱাৰীত নাড্ডা গুৱাহাটীলৈ আহি অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহকখন স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ হ’ব ৷ সমান্তৰালকৈ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ জ্যেষ্ঠ-কনিষ্ঠ বিজেপি নেতাসকলৰ লগতো জে পি নাড্ডা আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ টিকটৰ প্ৰসংগয়ো স্থান পাব নাড্ডাৰ অসম ভ্ৰমণ কালত ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ১৪ খন আসনতেই বিজেপি জয়ী হোৱাৰ লক্ষ্য বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য কৰে । আনহাতে কংগ্ৰেছৰ ন্যায় যাত্ৰা সম্পৰ্কে মন্তব্য আগবঢ়াই সভাপতিগৰাকীয়ে কয় যে ভাৰতৰ জনগণক যিমান পাৰি সিমান অন্যায় কৰিছে কংগ্ৰেছে । জনগণৰ ওচৰলৈ ন্যায় যাত্ৰা কৰি যোৱাৰ আগত নিজক মন্থন কৰাটো ভাল ।

লগতে পঢ়ক: সাক্ষাৎ বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.