গুৱাহাটী, 5 আগষ্টঃ বহু চৰ্ছা আৰু জল্পনা-কল্পনাৰ অন্তত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে মঙলবাৰে আনুষ্ঠানিক ভাবে ঘোষণা কৰে নতুন সমিতিৰ কথা । দলৰ মুখপত্ৰ বিজেপি বাৰ্তা উন্মোচনত এক অনুষ্ঠানতে সভাপতি ৰণজিৎ কুমাৰ দাসে এই সমিতিখন ঘোষনা কৰে । শাসকীয় দলটোৰ নতুন ৰাজ্যিক সমিতিৰ বিভিন্ন বিষয়ববীয়া সকল হ'ল ক্ৰমে-
- উপ সভানেত্ৰী : ড৹ হেমপ্ৰভা বৰঠাকুৰ (প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰী, ডিব্ৰুগড়), বিজুলী কলিতা মেধি (প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰী, গুৱাহাটী), ৰেখাৰাণী দাস বড়ো (বিজেপি ৰ জোষ্ঠ নেত্ৰী)
- উপ সভাপতি : স্বপ্ননীল বৰুৱা (প্ৰাক্তন প্ৰশাসনিক বিষয়া), ৰতন তেৰণ (কাৰ্বি আংলং), পুলক গোহাঁই (বিজেপিৰ প্ৰাক্তন সাধাৰন সম্পাদক ), জয়ন্ত কুমাৰ দাস ( বিজেপি যুব মৰ্চাৰ সভাপতি), জয়ন্তমল্ল বৰুৱা (বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ)
- সাধাৰণ সম্পাদক : ড৹ ৰাজদ্বীপ ৰয় (বিজেপি প্ৰাক্তন সভাপতি), তপন কুমাৰ গগৈ (সাংসদ), পল্লৱ লোচন দাস (সাংসদ ), কৰুনাথ শৰ্মা
- কোষাধ্যক্ষ : ৰাজকুমাৰ শৰ্মা,
- সহ: কোষাধ্যক্ষ: মনোজ শ্বৰাফ
- সম্পাদক মণ্ডলী: কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, লুচি ৰয় (উপ সভানেত্ৰী যুব মৰ্চা), সুকুমাৰ বিশ্বাস, অকণি দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ, পৰমী দাস, আৰু দিপলু ৰঞ্জন শৰ্মা ।
- যুৱমৰ্চাৰ : অনুপ বৰ্মন (যুৱ মৰ্চাৰ বৰ্তমানৰ সভাপতি)
- মহিলা মৰ্চা: সভানেত্ৰী- অপৰাজিতা ভূঞা (অধিবক্তা, দলৰ মুখপাত্ৰ)
- এছ টি মৰ্চা : হৰেণ দেউৰী আৰু
- এছ ছি মৰ্চাৰ সভাপতি: নৱাৰুণ মেধি
- অবিচি মৰ্চা : সভাপতি বিতোপন ৰায় দিহিঙীয়া
- কিষান মৰ্চা : সভাপতি প্ৰফুল্ল বৰা
- চাহ মৰ্চা: সভাপতি প্ৰহ্লাদ গোৱালা
- সংখ্যালঘু মৰ্চা: মুক্তিৰ হুছেইন খান
- মুখ্য মুখপাত্ৰ: ৰূপম গোস্বামী
উল্লেখ্য যে, এইবাৰৰ এই ত্ৰিশজনীয়া ৰাজ্যিক সমিতিত ত্ৰিশ শতাংশ পদবীত মহিলাক ৰখা হৈছে । আনহাতে সমাগত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ঘোষিত এই সমিতিৰ পৰা এক লক্ষনীয় সংখ্যক পুৰনি নেতা কৰ্মী বাদ পৰি যোৱা কাৰ্যই দলৰ মজিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।