ETV Bharat / state

Akhil Gogoi supreme sacrifice: অখিল গগৈৰ সৰ্বোচ্চ ত্যাগৰ সিদ্ধান্তৰ গূঢ়াৰ্থ ব্যাখ্যা জয়ন্তমল্ল বৰুৱাৰ

“অখিল গগৈয়ে অকল নিজকে চিনি পায়, নিজৰ বাহিৰে বাকী কাকো চিনি নাপায় ৷ দলীয় সভাত মাত্ৰ ৩৮ জন লোকৰ উপস্থিতি দেখি Supreme Sacrificeৰ সিদ্ধান্ত অখিল গগৈৰ ৷’’ অখিল গগৈৰ চূড়ান্ত ত্যাগৰ তত্ব ব্যাখ্যা মন্ত্ৰী জয়ন্তমল্লৰ ৷

Jayanta malla baruah slams Akhil Gogoi
opposition unity forum assam
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:52 PM IST

opposition unity forum assam

গুৱাহাটী, ২৭ অক্টোবৰ: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ঐক্য ধৰি ৰাখিবৰ বাবে ৰাইজৰ দলে নিৰ্বাচন নেখেলে বুলি ঘোষণা কৰাৰ পিছত আজি বিজেপিৰ মন্ত্ৰী-নেতাৰ আক্ৰমণৰ মূল লক্ষ্য হৈ পৰিছে অখিল গগৈ ৷ অখিল গগৈয়ে নিজৰ দলৰ দুৰ্বল ভেটি দেখি হতাশাত ভুগি বাধ্যত পৰিহে লোকসভা নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে বিজেপি জ্যেষ্ঠ নেতা তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

“অখিল গগৈয়ে কিছুদিন পূৰ্বে শিৱসাগৰত এখন সাংগঠনিক সভা কৰিছিল তাত মাত্ৰ ৩৮ জন লোক উপস্থিত আছিল ৷ শিৱসাগৰৰ চামগুৰিত আছিল মিটিংখন ৷ যিটো দেখি অখিল গগৈ যথেষ্ট হতাশাত আছে ৷ তেওঁৰ মিটিঙত ৩৮ জন মানুহ দেখাৰ পাছত তেওঁ নিজেই হতাশ হৈছে ৷ উপায়ন্তৰ হৈ তেওঁ Supreme Sacrifice ৰ কথা কৈছে ৷” শুকুৰবাৰে অখিল গগৈক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি ল’লে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে মন্ত্ৰীগৰাকীয়ে অখিল গগৈক দিলে স্থিতিহীন আখ্যা ৷ জয়ন্ত মল্ল বৰুৱাই কয় যে কিছুদিন পূৰ্বে তেওঁ মন্ত্ৰী পীযুষ হাজৰীকাক দক্ষ মন্ত্ৰী বুলি কৈছিল কিন্তু আজি আকৌ পীযুষ হাজৰীকাই কোম্পানী চলাই আছে বুলি কৈছে ৷ অখিল গগৈৰ নিজৰ কথাৰে স্থিতি স্পষ্ট নহয় ৷ অখিল গগৈয়ে অকল নিজকে চিনি পায়, নিজৰ বাহিৰে বাকী কাকো চিনি নাপায় ৷

লগতে শিৱসাগৰৰ চৰকাৰী অনুষ্ঠানলৈ বিধায়ক অখিল গগৈক মনা-নমতা প্ৰসংগতো মন্তব্য মন্ত্ৰী জয়ন্তমল্লৰ ৷ তেওঁৰ কয় যে শিৱসাগৰত অনুষ্ঠিত হোৱা পৰ্যটন বিভাগৰ অনুষ্ঠানলৈ অখিল গগৈক এজন বিষয়াই ফোন কৰি মাতিছিল ৷ তেওঁ এজন বিধায়ক, তেওঁ মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ নিমন্ত্ৰণ আশা কৰি থকাটো কেনেধৰণৰ কথা ?

লুৰীণজ্যোতি গগৈ আৰু বিৰোধীৰ ঐক্যকো কটাক্ষ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ ৷ “লুৰীণজ্যোতি গগৈয়ে কিমান অংক জানে সেয়া মই নাজানো, কিন্তু বিগত সময়চোৱাত ২ টা সমষ্টিৰ পৰা নিৰ্বাচন খেলি লুৰীণজ্যোতি গগৈ হাৰিছে সেইটোহে জানো ৷ কোনো আদৰ্শ নথকা কেইটামান দল মিলি বিৰোধী ঐক্য অসম হৈছে ৷ তেওঁলোকৰ একো লক্ষ্য উদ্দেশ্য নাই ৷’’ এইদৰে বিৰোধী ঐক্যক কটাক্ষ কৰিলে বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Raijor Dal : লোকসভা নিৰ্বাচনত এখনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.