ETV Bharat / state

গুৱাহাটীত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সভা

author img

By

Published : Jun 30, 2022, 9:50 PM IST

গুৱাহাটীস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন কক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিজেপিৰ এক সাংগঠনিক সভা (BJP meeting held in Guwahati)৷ উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, লোকসভা প্ৰবাস কো-কনভেনৰ প্ৰিয়ংগ পাণ্ডে প্ৰমুখ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

BJP meeting held in Guwahati
গুৱাহাটীত আয়োজন বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সভা

গুৱাহাটী, 30 জুন : গুৱাহাটীস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন কক্ষত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড আৰু ছিকিমৰ কাৰ্যকৰ্তাসকলৰ এক সাংগঠনিক বৈঠক অনুষ্ঠিত হয় (BJP meeting held in Guwahati) । এই বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহায়-সহযোগিতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলে বিকাশৰ এক নতুন দিগন্তলৈ ঢাপলি মেলিছে ।

প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাষ্ট্ৰৰ উন্নয়নত মনোনিৱেশ কৰি অহা বাবে দেশৰ বিকাশৰ প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হৈ পৰিছে । আজি ভাৰতে বিশ্বৰ মানচিত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । 2014 চনৰ পিছৰে পৰা উত্তৰ-পূবৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ, ৰে'লপথ, আকাশী পথৰ দ্ৰুত উন্নয়ন সাধন হোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ অধিক উপকৃত হৈছে ।

অঞ্চলটোৰ সাংস্কৃতিক জীৱনধাৰাকো আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰয়াস চলাই আহিছে ।

অসমীয়াৰ স্বাভিমান গামোচাখন সততে ডিঙিত পৰিধান কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সংস্কৃতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছে । লগতে তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মই যাতে বিকাশৰ যাত্ৰাপথত সমানে আগুৱাই যাব পাৰে, সেই দিশতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি আহিছে ।

BJP meeting held in Guwahati
বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সভা

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, উত্তৰ-পূৰ্বাঞ্চলত আজি ভাৰতীয় জনতা পাৰ্টিয়ে এক শক্তিশালী স্থিতি লাভ কৰিছে । প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত লৈ অহা ধাৰাবাহিক পদক্ষেপৰ ফলতে দলটোৰ প্ৰতি জনগণৰ আস্থা অধিক বৃদ্ধি পাইছে ।

তৃণমূল পর্যায়ত দলটোক অধিক শক্তিশালী কৰি তোলাৰ বাবে কাৰ্যকৰ্তাসকলক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে বুথ পৰ্যায়ত অধিক পৰিকল্পনা গ্ৰহণৰ পোষকতা কৰে । সমাজৰ প্ৰতিটো শ্ৰেণীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে । হিতাধিকাৰীসকলে প্ৰত্যক্ষভাৱে বেংকৰ জৰিয়তে নিজৰ প্ৰাপ্য লাভ কৰিবলৈ সক্ষম হৈছে । ইয়ে জনসাধাৰণৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰী এই আঁচনিসমূহৰ সুফল জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ বিজেপিৰ কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে কাম কৰিব লাগিব । আগন্তুক লোকসভাৰ নিৰ্বাচনত যাতে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় জনতা পাৰ্টিয়ে অভাৱনীয় সফলতা কঢ়িয়াই আনিব পাৰে ৷ সেই দিশত মনোনিৱেশ কৰি কাম কৰি যাবলৈ মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰ্তাসকলক আহ্বান জনায় ।

উল্লেখ্য যে, উক্ত সাংগঠনিক বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, লোকসভা প্ৰবাস কো-কনভেনৰ প্ৰিয়ংগ পাণ্ডে প্ৰমুখ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক : গোপনীয়তা ভংগ কৰা সকলৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.