ETV Bharat / state

বিজেপিৰ ১৮ জনীয়া 'দুৰ্ভগীয়া' বিধায়কৰ তালিকাত কাৰ কাৰ নাম ? - দলৰ সমষ্টিভিত্তিক সমীক্ষা

আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমানৰ ১৮ গৰাকী বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত বিধায়কৰ তালিকাত কোন কোন বিধায়কৰ নাম অন্তৰ্ভুক্ত হৈছে ? দলৰ সমষ্টি ভিত্তিক সমীক্ষাৰ প্ৰভাৱ পৰিছে নেকি এইসকল বিধায়কৰ ওপৰত !

বিজেপিৰ ১৮ জনীয়া 'দুৰ্ভগীয়া' বিধায়কৰ তালিকাত কাৰ কাৰ নাম ?

author img

By

Published : Feb 8, 2021, 8:31 PM IST

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: ২০১৬ ত কপাল ফুলিলেও ২০২১ ত কপাল নুফুলিবও পাৰে বিজেপিৰ বৰ্তমানৰ ১৮ গৰাকীকৈ বিধায়কৰ । ইতিমধ্যে, গেৰুৱা দলটোৰ ভিতৰে-বাহিৰে এই বিষয়ক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা । আগন্তুক নিৰ্বাচনত বৰ্তমানৰ ১৮ গৰাকী বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভ নকৰাটো প্ৰায় নিশ্চিত হৈছে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতৰ আগত ৰাজহুৱা কৰিছে এই ভিতৰুৱা খবৰ । সেই খবৰ অনুসৰি, এসপ্তাহ পূৰ্বে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ গোপন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, 'নেডা'ৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু দলৰ অসমৰ কেন্দ্ৰীয় তত্বাৱধায়ক উপস্থিত থকা সেই বৈঠকত উক্ত ১৮ গৰাকী বিধায়কৰ পুনৰ প্ৰাৰ্থিত্বৰ বিষয়টো একপ্ৰকাৰ নাকচ কৰা হয় । কোনো সাংঘাতিক দুৰ্নীতি বা কেলেংকাৰীৰ বাবে নহয়, এই ১৮ গৰাকী বিধায়কক দলে পুনৰ প্ৰাৰ্থিত্ব দিব খোজা নাই সমষ্টিত‌ তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবেহে ।

ইতিমধ্যে দলৰ ফালৰ পৰা চলোৱা সমষ্টি ভিত্তিক সমীক্ষাত ধৰা পৰিছে এই কথা । যিহেতু এই পৰ্যন্ত উক্ত ১৮ গৰাকী বিধায়কৰ নাম প্ৰকাশৰ ক্ষেত্ৰত দলে কঠোৰভাৱে মৌনতা অৱলম্বন কৰিছে, সেয়ে স্বাভাৱিকতে এতিয়া বহু বিধায়কৰ পেটতে হাত ভৰি লুকুওৱা অৱস্থা হৈছে ।

লগতে পঢ়ক:মহিলা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.