ETV Bharat / state

ৰাজপ্ৰাসাদ সদৃশ অট্টালিকা ৰাজ্যিক বিজেপিৰ নতুন ঠিকনা

author img

By

Published : Oct 8, 2022, 9:29 PM IST

ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (BJP Assam State new Office inaugurated) । ভাৰ্চুৱেলী বিজেপিৰ ১০২ টা মণ্ডল কাৰ্যালয় আৰু ৯ খন সাংগঠনিক জিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন । কামাখ্যাৰ আশিসধন্য আৰু শংকৰদেৱ-মাধৱদেৱৰ পবিত্র ভূমি কংগ্ৰেছৰ আমোলত হিংসা-হত্যাৰে সন্ত্রাসজৰ্জৰ হৈ আছিল । ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে বিকাশৰ পথ প্ৰশস্ত হয় ।

BJP
BJP

গুৱাহাটী, ৮ অক্টোবৰ : মুকলি হ'ল ৰাজ্যিক বিজেপিৰ ৰাজপ্ৰাসাদ সদৃশ সুবিশাল কাৰ্যালয় (BJP Assam State Office inaugurated) । গুৱাহাটীৰ বশিষ্ঠত ৪ বিঘা ভূমিত নিৰ্মাণ কৰা ৬ মহলীয়া আৰু প্ৰায় এক লাখ বৰ্গফুটৰ বিশাল অট্টালিকাৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ (Amit Shah inaugurated Assam BJP Office) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

ৰাজপ্ৰাসাদ সদৃশ অট্টালিকা ৰাজ্যিক বিজেপিৰ নতুন ঠিকনা
ৰাজপ্ৰাসাদ সদৃশ অট্টালিকা ৰাজ্যিক বিজেপিৰ নতুন ঠিকনা

উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে আজি তেওঁ কেন্দ্ৰীয় মন্ত্রী হিচাপে নহয়, দলীয় কাৰ্যকৰ্তা হিচাপে ইয়ালৈ আহিছে । মা কামাখ্যাৰ আশিসধন্য আৰু শংকৰদেৱ-মাধৱদেৱৰ এই পবিত্র ভূমি কংগ্ৰেছৰ আমোলত হিংসা-হত্যাৰে সন্ত্রাসজৰ্জৰ হৈ আছিল । দেশৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লৈ চিন্তা হৈছিল । এই অঞ্চলৰ কোনো ধৰণৰ বিকাশ হোৱা নাছিল (JP Nadda inaugurated Assam BJP Office) । ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে বিকাশৰ পথ প্ৰশস্ত হয় ।

২০১৪ চনৰ পৰা ২০২২ চনলৈ সন্ত্রাসৰ পথত থকা ৯০০০ যুৱক-যুৱতী মূলসূঁতিলৈ ঘূৰি আহিছে । শান্তি প্ৰতিষ্ঠা হোৱা বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ৬০ শতাংশ এলেকাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা হৈছে । ৰাহুল গান্ধীৰ দৰে বিজেপিয়ে নিৰ্বাচনী খেল নেখেলে বুলি তেওঁ কয় (Union Home Minister Amit Shah) । তেওঁ লগতে কয় যে অসম চৰকাৰে এক লাখ চাকৰি দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ় সংকল্পবদ্ধ । অসমত ফৰেনছিক ছায়েন্সৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও তেওঁৰ ভাষণত দোহাৰে ।

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে হিতেশ্বৰ শইকীয়াৰ দিনত এবিভিপিৰ সদস্য হিচাপে অসমলৈ আহোঁতে কিদৰে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছিল । সেইখন অসমত বিজেপিৰ শাসন হ'ব বুলি তেতিয়া কল্পনা কৰা নাছিল । কিন্তু ৰাইজৰ আস্থা আৰু বিশ্বাসত বিজেপিয়ে সেৱা কৰাৰ সুযোগ লাভ কৰিছে । ৰাজ্যিক বিজেপিৰ অত্যাধুনিক কাৰ্যালয়টো কংক্ৰিটৰ এটা ঘৰ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এইটো মন্দিৰতকৈ কম নহয় । তেওঁ লগতে কয় যে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়টো দিল্লীৰ মুখ্য কাৰ্যালয়তকৈ কোনোগুণে কম নহয় (BJP National President JP Nadda) ।

তেওঁ কয় যে কাৰ্যকৰ্তাৰ সিদ্ধান্ত আৰু ত্যাগ-বলিদানৰ যোগেদি দল শক্তিশালী হয় । যিসকল কাৰ্যকৰ্তাৰ ত্যাগ-বলিদানৰ বাবে আজি দলটো এজোপা বটবৃক্ষত পৰিণত হ'ল সেইসকল কাৰ্যকৰ্তাক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে । অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে দেশজুৰি দলৰ জিলা মুখ্য কাৰ্যালয় স্থাপন কৰা হ'ব । ৫১২ টা জিলা কাৰ্যালয়ৰ ভিতৰত ইতিমধ্যে ২৩৫ টা সম্পূৰ্ণ হৈছে আৰু ১৫৪ টা শীঘ্ৰেই মুকলি কৰা হ'ব । প্ৰতিখন জিলাতে ২০২৪ চনৰ ভিতৰত দলৰ কাৰ্যালয় কৰা হ'ব । এই কাৰ্যালয়সমূহ সাধাৰণ অফিচ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই কাৰ্যালয়সমূহ সমৰ্পণ তথা সভ্যতা-সংস্কৃতিৰ কেন্দ্ৰ (Assam State BJP new office) ।

বিজেপি এটা বিচাৰশীল দল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ আজিৰ তাৰিখত কোনো বিচাৰ নাই । একমাত্র বিজেপি দল বিচাৰত সমৰ্পিত দল । তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত আজি অসম সকলো দিশতে আগুৱাই যাবলৈ সক্ষম হৈছে । তেওঁ দলীয় কৰ্মকৰ্তাসকলক সেৱাৰ মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায় । অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ভাৰ্চুৱেলি বিজেপিৰ ১০২ টা মণ্ডল কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । আনহাতে, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৯ খন সাংগঠনিক জিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ভাষণ প্ৰসংগত আজিৰ দিনটোক অসম বিজেপিৰ বাবে ঐতিহাসিক স্বৰ্ণিল দিন বুলি অভিহিত কৰে । তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন যুগৰ সূচনা হৈছে । প্ৰতিজন ভাৰতীয়ই আত্মমৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ পাইছে । মোডীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু হিচাপে জিলিকি উঠিছে । কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক প্ৰশংসা কৰি তেওঁ কয় যে পি এফ আইক নিষিদ্ধ কৰি ভাৰতীয় সভ্যতা-সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

ভাষণ প্ৰসংগত তেওঁ দলটোক আজিৰ পৰ্যায়লৈ অনাৰ বাবে অশেষ ত্যাগ স্বীকাৰ কৰা অসম বিজেপিৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । লগতে তেওঁ অসমত দলটোৰ ইতিহাসৰ এক অৱলোকন দাঙি ধৰে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) কয় যে অসমত কংগ্ৰেছৰ দিনৰ হিংসা-হত্যাৰ পৰিৱেশৰ অৱসান ঘটাই বিজেপিয়ে শান্তি প্ৰতিষ্ঠা কৰিলে । নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি অসমসহ উত্তৰ-পূৰ্বাঞ্চল প্ৰগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।

আদৰণী ভাষণত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই গুৱাহাটীৰ উজানবজাৰৰ পৰা আৰম্ভ হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ যাত্রাৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলী, ত্রিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডা, অজয় জামোৱাল, সম্বিত পাত্র আৰু ঋতুৰ‍াজ সিনহা, জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই, ৰমেন ডেকা আৰু বিজয়া চক্ৰৱৰ্তীৰ উপৰি দলৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মকৰ্তাৰ লগতে ভালেসংখ্যক মন্ত্রী-বিধায়ক উপস্থিত থাকে । আজিৰ অনুষ্ঠানতেই ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাক ৪০ খন বলেৰ' বাহন আৰু আঠখন মৰ্চাক আঠখন স্ক'ৰপিঅ' বাহন প্ৰদান কৰা হয় ।

আনহাতে, পুৱাৰ ভাগত নৱনিৰ্মিত কাৰ্যালয়ত পতাকা উত্তোলন কৰে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । ইফালে কাৰ্যালয় উদ্বোধনৰ পূৰ্বে অসমত বিজেপি দলটোক গঢ় দিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক জ্যেষ্ঠ কৰ্মকৰ্তাক সন্মান জনোৱা হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ চৰণ পখালি সন্মান জনায় ।

উল্লেখ্য যে আজি মুকলি কৰা বিজেপিৰ নৱনিৰ্মিত পঞ্চতাৰকাসদৃশ কাৰ্যালয়টো প্ৰায় ৩৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ৰাজ্যিক কাৰ্যালয়টোত আছে অত্যাধুনিক সকলো সা-সুবিধা ।

লগতে পঢ়ক :খানাপাৰাত অনুষ্ঠিত বিজেপিৰ কাৰ্যকর্তা সন্মিলনত অমিত স্বাহ আৰু জে.পি নাড্ডা LIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.