ETV Bharat / state

2024 Lok Sabha election: উত্তৰ-পূৰ্বাঞ্চলৰ ২৫খন আসনেই দখল কৰিব লাগিব; মুখ্যমন্ত্রী

author img

By

Published : Aug 9, 2023, 7:53 PM IST

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে গুৰুত্বপূৰ্ণ দলীয় বৈঠক। উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ বিজেপি প্ৰতিনিধিৰ অংশ গ্ৰহণ । ২০২৪ৰ নিৰ্বাচনত ৩০০ৰো অধিক আসনেৰে পুনৰ বিজেপি শাসনলৈ আহিব। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে হ'ব প্ৰধানমন্ত্ৰী । দিল্লীত কাইলৈ সাংসদ সকলৰে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্রী আৰু মন্ত্রীপৰিষদ ।

2024 Lok Sabha election
2024 Lok Sabha election
বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,৯ আগষ্ট: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসকীয় দল বিজেপি । অসমসহ উত্তৰ-পূৰ্বাঞ্চলত দলটোৱে ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰে অংশ স্বৰূপে বুধবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশদ আলোচনাৰ বাবে আয়োজন কৰা বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দলীয় প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে । বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অংশ গ্ৰহণ কৰে ।

আনহাতে বৈঠকত বিজেপিৰ উত্তৰ-পূবৰ সংযোজক সম্বিত পাত্ৰই অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত দলীয় নেতা-কৰ্মীৰে আলোচনা কৰে । ইফালে বৈঠকৰ আৰম্ভণিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূৰ্বাঞ্চলৰ দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰে ।

দিল্লী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্রীয়ে সকলোকে সম্বোধন কৰি লোকসভা নিৰ্বাচনৰ প্ৰসংগত কেতবোৰ দিশ সদৰী কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে মণিপুৰৰ লোকসভাৰ দুয়োখন আসনে বিজেপিয়ে লাভ কৰিব । বৰ্তমান মণিপুৰৰ পৰিস্থিতি আৰু পৰিৱেশ আমাৰ অনুকুলে নাথাকিলেও আমিয়ে জিকিম বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে আমি উত্তৰ-পূৰ্বাঞ্চলৰ ২৫ খন আসনেই দখল কৰিব লাগিব । কঠিন যেন লগা সমষ্টিসমূহত বেছি আগ্ৰাসী হ’ব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয় । এন ডি এৰ মিত্ৰদলসমূহক লগত লৈয়েই আগবাঢ়ি যোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যকৰ্তাক আহ্বান জনায় ।

ইফালে আগন্তুক এশ বছৰ বিজেপিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ২০২৪ৰ নিৰ্বাচনত ৩০০ৰো অধিক আসনেৰে পুনৰ বিজেপি শাসনলৈ আহিব বুলি দাবী কৰে । মুখ্যমন্ত্রীয়ে কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব । পৰাজয় আশংকা থকা আসনত বিজয়ীৰ নিচান উৰুৱাব লাগিব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে ।

ইফালে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে দিল্লীলৈ যাবলগীয়া হোৱা বাবে তেওঁ আজিৰ দিনজোৰা আলোচনাত থাকিব নোৱাৰিলে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত তেওঁ কয় যে নিৰ্বাচন আয়োগে শুনানি গ্ৰহণ কৰি গ'ল । এতিয়া বিষয়টো তেওঁলোকৰ হাতত আছে ।

আনহাতে এই বিষয়ত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত এই মুহূৰ্তত তেওঁৰ ওচৰত নতুন কোনো খবৰ নাই । দিল্লীত অসমৰ সাংসদসকলৰ লগত ১০ আগষ্টত হ'বলগীয়া আলোচনা সন্দৰ্ভত তেওঁ কয় যে সাংসদসকলক একেলগে গুৱাহাটীত পোৱা নাযায় বাবে দিল্লীত বৈঠকত মিলিত হ'ব । এই বৈঠক সম্পূৰ্ণ ৰাজনৈতিক হ'ব বুলি তেওঁ সদৰী কৰে ।

কাইলৈ প্ৰধানমন্ত্রীৰ ভাষণৰ পাচতে দীঘলীয়া সময়ৰ বাবে মন্ত্রীসকলে সাংসদসকলৰ লগত আলোচনাত মিলিত হ'ব । মন্ত্রীসকল থাকিব বাবেই ৰাজ্যিক কেবিনটো দিল্লীতে কৰা হৈছে । মিত্রতাৰ প্ৰসংগত তেওঁ কয় যে অগপ আৰু ইউ পি পি এলৰ লগত মিত্রতা আছে । বি পি এফ বিজেপি বিধায়িনী দলৰ লগত আছে যদিও দলৰ লগত নাই । নিৰ্বাচনৰ আগে আগে এইক্ষেত্রত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ কয় ।

আনহাতে বিলুপ্তি কৰা চাৰিখন জিলা সন্দৰ্ভত তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত চাৰিখন জিলাৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব । সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে সকলো দিশ চালি-জাৰি চাই প্ৰশাসনীক সাল-সলনি ঘটোৱা হ'ব । বিৰোধীৰ ঐক্য সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক: Assam cabinet in Delhi: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত কেবিনেট অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপচয় কৰিছে; শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.