ETV Bharat / state

বিজেপিৰ প্ৰাৰ্থী হৈ পুনৰ ৰাজ্যসভালৈ মন মেলিছে বিশ্বজিৎ দৈমাৰীয়ে - biswajit rajya sabha

বিজেপিৰ প্ৰাৰ্থী হিচাপেহে ৰাজ্যসভালৈ যাবলৈ সাজু হৈছে পূৰ্বৰ বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰী । ইতিমধ্যে বিধানসভাৰ সচিবালয়ৰ পৰা মনোনয়ন প্ৰ-পত্ৰও বিশ্বজিৎ দৈমাৰীয়ে সংগ্ৰহ কৰিছে । ৰাজ্যসভাৰ খালী হোৱা আসনৰ বাবে ১ মাৰ্চত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।

বিজেপি প্ৰাৰ্থী হৈ পুনৰ ৰাজ্যসভালৈ মন মেলিছে বিশ্বজিৎ দৈমাৰীয়ে

author img

By

Published : Feb 12, 2021, 4:02 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: সুদীৰ্ঘ সময় বিপিএফৰ বিধায়ক আৰু সাংসদ হৈ ৰাজভোগ গ্ৰহণ কৰাৰ পিছত এইবাৰ আকৌ ৰাজ্যসভালৈ মন মেলিছে বিশ্বজিৎ দৈমাৰী । পিছে এইবাৰ বি পি এফ নহয়, বিজেপিৰ প্ৰাৰ্থী হিচাপেহে ৰাজ্যসভালৈ যাবলৈ তেওঁ সাজু হৈছে । ইতিমধ্যে বিধানসভাৰ সচিবালয়ৰ পৰা মনোনয়ন প্ৰ-পত্ৰও বিশ্বজিৎ দৈমাৰীয়ে সংগ্ৰহ কৰিছে । মনকৰিবলগীয়া যে মাত্ৰ দুমাহ পূৰ্বে তেওঁ বি পি এফ ত্যাগ কৰি বিজেপিত যোগ দিছিল । সাংবিধানিক নীতি নিয়ম অনুসৰি দল সলনি কৰাৰ বাবে ৰাজ্যসভাৰ সাংসদ পদো তেওঁ ত্যাগ কৰিবলৈ বাধ্য হৈছিল । সাংসদ পদৰ পৰা ইস্তাফা দিয়া হেতুকে ৰাজ্যসভাত খালি হোৱা সেইখন আসনৰ বাবে ১ মাৰ্চত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।

ইতিমধ্যে উপ-নিৰ্বাচনৰ অধিসূচনাও জাৰি কৰা হৈছে । নিজৰেই খালি হোৱা উক্ত আসনখনৰ বাবে পুনৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ যাবলৈ প্ৰস্তুত হৈছে বিশ্বজিৎ দৈমাৰী । আনহাতে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৮ ফেব্ৰুৱাৰী । ১৯ ফেব্ৰুৱাৰীত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ২২ ফেব্ৰুৱাৰী হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদ মেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.