ETV Bharat / state

হাগ্ৰামাই নিজকে বিহাৰৰ লালু বুলি ভাৱে : বিশ্বজিৎ ৰায় - কোচ ৰাজবংশী

“ পোন্ধৰটা বছৰ ধৰি শাসকীয় বিপিএফে অজনজাতীয় লোকৰ কোনো ধৰণৰ সমস্যা সামাধান নকৰিলে ৷ কোচ ৰাজবংশীৰ সকলো কথাই নস্যাৎ কৰিছিল বিপিএফে ৷ ৪০ সংসদীয় সমষ্টি ৩০ টা সমষ্টি জনজাতীয় লোকৰ বাবে বাকী দহটাহে অজনজাতীয় লোকৰ বাবে দিয়া হয় ৷’’ বিশ্বজিৎ ৰায় ৷

biswajit rai
biswajit rai
author img

By

Published : Dec 4, 2020, 8:27 PM IST

গুৱাহাটী, 4 ডিচেম্বৰ : ‘‘হাগ্ৰামাই নিজকে বিহাৰ লালু বুলি ভাৱে ৷ হাগ্ৰামাই উন্নয়নৰ নামত ক’ত টকা ব্যয় কৰিলে ৷ উন্নয়নৰ নামত কেৱল লুণ্ঠন চলাইছে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত হাগ্ৰামাই বিৰোধিতা কৰিছিল ৷ হাগ্ৰামাৰ ৰঙা চকুলৈ ভয় কৰি চৰকাৰে জনজাতিকৰণ নকৰিলে’’ ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছক্লাৱত সংবাদমেলযোগে এইদৰে বিস্ফোৰণ ঘটালে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

হাগ্ৰামাই নিজকে বিহাৰৰ লালু বুলি ভাৱে : বিশ্বজিৎ ৰায়

মূলতঃ বি টি চি নিৰ্বাচনৰ প্ৰসংগক লৈ সম্বোধন কৰা সংবাদমেলত বিশ্বজিত ৰায়ে কয় যে, “ পোন্ধৰটা বছৰ ধৰি শাসকীয় বি পি এফে অজনজাতীয় লোকৰ কোনো ধৰণৰ সমস্যা সামাধান নকৰিলে ৷ কোচ ৰাজবংশী সকলো কথাই নস্যাৎ কৰিছিল বিপিএফে ৷ ৪০ সংসদীয় সমষ্টি ৩০ টা সমষ্টি জনজাতীয় লোকৰ বাবে বাকী দহটাহে অজনজাতীয় লোকৰ বাবে দিয়া হয় ৷ য’ত ১২ লাখ লোকহে বড়ো লোক আছে” ৷

ইফালে আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰসংগকলৈও মন্তব্য বিশ্বজিত ৰায়ৰ ৷ “নিৰ্বাচনক লৈ প্ৰতিটো দল সংগঠনৰ লগত আলোচনা হৈছে ৷ কোকৰাঝাৰৰ আৰু চিৰাঙৰ লোকসকল প্ৰটেক্টত আছে ৷ কোচ ৰাজবংশী মহাসভাই বিজেপিক ১৭ টা সমষ্টিত সমৰ্থন আগবঢ়াব ৷ ইউ পি পি এল দলৰ ৭ টা সমষ্টিটো সমৰ্থন জনাব কোচ ৰাজবংশী মহাসভাই ” ৷

লগতে পঢ়ক : ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.