গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ বিশ্বজিৎ হাজৰিকাৰ হত্যাকাণ্ডৰ পাঁচমাহৰ পাচত ভেদ হ’ল ৰহস্য (Biswajit Hazarika Murder Case)৷ অপহৰণ কৰি হত্যা কৰা হৈছিল বিশ্বজিৎ হাজৰিকাক ৷ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ মাষ্টাৰ মাইণ্ডসহ ছয়জনক গ্ৰেপ্তাৰ কৰিছে । এতিয়াও পলাতক হৈ আছে কেইবাজনো অভিযুক্ত ৷
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিযোগকাৰীসকল ক্ৰমে পাঞ্জাবাৰীৰ অজয় কলিতা (৩০), নেলীৰ প্ৰণৱ ৰংহাং (২৫), বশিষ্ঠৰ দেৱজিৎ ডেকা (২৬), নুনমাটিৰ সঞ্জয় কুমাত ভগৎ (২৬), বোন্দাৰ পৰশ ছেত্ৰী (২৪), ময়ূৰ নাথ (২৪) (Accused of Biswajit Hazarika Murder) ৷ এই কথা সোমবাৰে সংবাদমেলযোগে সদৰী কৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati CP Diganta Borah)।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰি কয়, ‘‘সহজে ধন উপাৰ্জনৰ লোভত সমগ্ৰ ঘটনাটোৰ পৰিকল্পনা কৰিছিল অজয় কলিতাই ৷ সেই পৰিকল্পনাৰ কথা আলোচনা কৰিছিল প্ৰণৱ ৰংহাঙৰ লগত ৷ পৰিকল্পনা মতে সহজে ধন ঘটাৰ বাবে লক্ষ্য কৰি লৈছিল বিশ্বজিৎ হাজৰিকাক ৷ বিশ্বজিৎ হাজৰিকা কৰ্মৰত ঔষধ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী বুলি ভাবি লক্ষ্য কৰি লৈছিল ৷ অপহৰণৰ দুই তিনিদিনৰ পৰা অনুসৰণ কৰিছিল বিশ্বজিতক (Murder after kidnaping in Guwahati)৷’’
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, ‘‘৯ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত কৰ্তব্যথলীৰ পৰা ঘৰলৈ ৰিক্সাৰে উভতি যোৱাৰ সময়ত মটৰ চাইকেলেৰে অজয় কলিতা আৰু ময়ূৰ নাথে আগভেটি ধৰি ৰিক্সাখন ৰখায় । তাৰ পাচতে এখন বলেৰ’ বাহনত প্ৰণৱ ৰংহাং, দেৱজিৎ ডেকা, সঞ্জয় কুমাৰ ভগত, পৰাশ ছেত্ৰী আহি বলেৰ’ত উঠাই অপহৰণ কৰি লৈ যায় বিশ্বজিৎ হাজৰিকাক । ইয়াৰ পাচতে নেলী আমগুৰিৰ প্ৰণৱ ৰংহাঙৰ ঘৰৰ নৱনিৰ্মিত বাথৰূমত বিশ্বজিৎ হাজৰিকাক আৱদ্ধ কৰি ৰাখে’’ ৷
‘‘১৪-১৫ অক্টোবৰত বিশ্বজিতক আৱদ্ধ কৰি ৰখা ভিডিঅ’ বিশ্বজিতৰ মোবাইল নম্বৰেৰে বিশ্বজিতৰ পিতৃ-মাতৃলৈ প্ৰেৰণ কৰিছিল নিউজ পৰ্টেলত কৰ্মৰত ভিডিঅ’ এডিটৰ দেৱজিৎ ডেকাই । বিশ্বজিতৰ মুক্তিপণ বিচাৰি ৪০ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধন নোপোৱাৰ পাচত অজয় কলিতা আৰু প্ৰণব ৰংহাঙে আলোচনা কৰি বিশ্বজিতক হত্যা কৰাৰ সিদ্ধান্ত লয় । ২৩ অক্টোবৰত অজয় কলিতা আৰু প্ৰণৱ ৰংহাঙে বিশ্বজিতক প্লাষ্টিক ৰচিৰে ডিঙি চেপি হত্যা কৰি বস্তাত ভৰাই কিলিং নদীত পেলায় দিয়ে ৷ 1 নৱেম্বৰত নেলী আৰক্ষীয়ে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰিছিল ৷ সেই মৃতদেহটোৱে আছিল বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ ।’’ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় ৷
তেওঁ লগতে কয়, ‘‘ঘটনা সন্দৰ্ভত বিশ্বজিৎ হাজৰিকা নিৰুদ্দেশৰ গোচৰ দিছপুৰ আৰক্ষী থানাত (Dispur police station) ৰুজু হৈ আছিল যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল ৷ কিন্তু ৯ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে মহানগৰ আৰক্ষী আয়ুক্তক সমগ্ৰ ঘটনাটো জনোৱাৰ পাচত ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ৷ প্ৰণৱ ৰংহাঙক দেওবাৰে গ্ৰেপ্তাৰ কৰাৰ পাচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷’’
উল্লেখ্য যে, চাৰ্ভেৰ অংকুৰ চেমিনাৰ নামৰ বিদ্যালয়খনত বিশ্বজিৎ হাজৰিকাই অধ্যয়ন কৰিছিল । উক্ত বিদ্যালয়খনত বিশ্বজিৎ হাজৰিকাৰ কনিষ্ঠ আছিল অজয় কলিতা । এতিয়া প্ৰশ্ন উঠিছে ঘটনাৰ সন্দৰ্ভত ৫ মাহ পূৰ্বে আৰক্ষীৰ গাফিলতি কৰিছিল নেকি ?
লগতে পঢ়ক: YouTuber suicide : ইউটিউবাৰ প্ৰিয়লীনাৰ মৃত্যুক লৈ চাঞ্চল্য; স্বামীক গ্ৰেপ্তাৰ