ETV Bharat / state

গেৰুৱা বসন পৰিধান বিশ্বজিৎ-ইমানুৱেলৰ - সৰ্বানন্দ সোণোৱাল

দেওবাৰে পূৰ্ব পৰিকল্পনা অনুসৰি বিজেপিত যোগদান ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ ৷ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দুয়োগৰাকী নেতাই গেৰুৱা বাহিনীত যোগদান কৰে ৷

biswajit daimary joined bjp assam etv bharat news
গেৰুৱা বসন পৰিধান বিশ্বজিৎ-ইমানুৱেলৰ
author img

By

Published : Nov 22, 2020, 5:29 PM IST

নিউজ ডেস্ক,22 নৱেম্বৰ: পূৰ্ব পৰিকল্পনা অনুসৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিপিএফ নেতা ইমানুৱেল মুছাহাৰীয়ে দেওবাৰে যোগদান কৰিলে বিজেপিত ৷ দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰাৰ পূৰ্বে শনিবাৰে সংবাদমেলযোগে সাংসদ পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৷ অৱধাৰিতভাৱে দৈমাৰীয়ে দেওবাৰে মহানগৰীৰ উজান বজাৰস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷ এতিয়াৰে পৰা বিজেপিয়ে যি দায়িত্ব দিয়ে সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব প্ৰাক্তন সাংসদগৰাকীয়ে ।

গেৰুৱা বসন পৰিধান বিশ্বজিৎ-ইমানুৱেলৰ

উল্লেখ্য যে, দৈমাৰীয়ে শনিবাৰে সম্বোধন কৰা সংবাদমেলখনত সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলে শোচনীয় পৰাজয় বৰণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল আদি ৷ মুখ্যমন্ত্ৰীয়ে দুয়োগৰাকী নেতাক গামোচা আৰু দলীয় প্ৰতীক পিন্ধাই দলটোলৈ আদৰণি জনায় ৷

ইফালে, বিজেপিত যোগদান কৰাৰ পিছত দৈমাৰীয়ে বিপিএফে নতুনত্ব আনিব পাৰিলেহে বিটিআৰত শাসনভাৰ চম্ভালিব পাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ বিগত প্ৰায় 17 বছৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি দৈমাৰীয়ে কয় ৷

লগতে চাওকঃ সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.