ETV Bharat / state

মহানগৰীৰ সদিলাপুৰত মুকলি বিহু উদযাপন - ৰঙালী বিহু

খেল-ধেমালি, ৰং-ৰহইচৰ মাজেৰে চেনেহৰ বিহুটি উদযাপন কৰি সদিলাপুৰবাসীয়ে

মুকলি বিহু উদযাপন
author img

By

Published : Apr 15, 2019, 9:53 PM IST

গুৱাহাটী, 15 এপ্ৰিল : ৰঙালীৰ আনন্দত বিভোৰ ৰাজ্যবাসী ৷ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰেৰে জীপাল ৰাজ্যৰ আকাশ-বতাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাকৈ মহানগৰীৰ পাণ্ডু সদিলাপুৰবাসীয়ে উদযাপন কৰিলে হিয়াৰ আমঠু বিহুটি ৷

মুকলি বিহু উদযাপন

সোমবাৰে পুৱাই পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় ​মুকলি বিহুৰ দিনজোৰা কাৰ্যসূচী ৷ তাৰ পাচতেই খেল-ধেমালীৰ লগতে বিভিন্ন নৃত্য-গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

Slug: A_GHY_15APR_801_BIHU PROGRAM_HIRUL HAQUE

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু সদিলাপুৰত শংকৰদেৱ পুথিভঁৰাল আৰু কৃষ্টি সমাজৰ উদ্যোগত আয়োজন কৰা হয় মুকলি বিহু অনুষ্ঠান। পুৱাৰে পৰা অনুষ্ঠিত হোৱা এই বিহুত প্ৰদৰ্শন কৰা হয় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি। অনুষ্ঠানত গীত পৰিবেশন কৰে শ্ৰুতি গোস্বামীয়ে। শ্ৰুতিৰ কণ্ঠত নিগৰিত বহুতো ন পুৰণি বিহুত ককাল ভাঙি নাচিলে উপস্থিত সকলোৱে। ইফালে শ্ৰুতি গোস্বামীয়ে সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে অসমীয়াৰ পৰম্পৰা, সংস্কৃতি ধৰি ৰখাৰ উদ্দেশ্যে সদিলাপুৰবাসীয়ে আয়োজন কৰে মুকলি বিহুৰ অনুষ্ঠান। এনেদৰেই ৰাজ্যৰ চৌদিশে এতিয়া অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ উছাহ।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.