গুৱাহাটী, ১৬ আগষ্ট: "কংগ্ৰেছত সুস্মিতা দেৱ বটবৃক্ষ আছিল । কিন্তু তেওঁ এতিয়া যি দললৈকে নাযাওক কিয়, তাত ৰঘুমলা হৈ থাকিব লাগিব । মই বুজি নাপালো তেওঁ বটবৃক্ষ এৰি ৰঘুমলা হবলৈ কিয় গল !" কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে সোমবাৰে দলত্যাগ কৰাৰ পিছত এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া ৷
ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয় যে বিগত নিৰ্বাচনত পৰাজিত হোৱাৰে পৰা তেওঁ হতাশাত ভূগিছিল । যাৰ ফলত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁৰ পিতা কংগ্ৰেছ দলৰ বাবে হিৰ' আছিল । প্ৰয়াত সন্তোষমোহন দেৱেও নিৰ্বাচনত হাৰিছিল । কিন্তু সেই বুলি তেওঁ দলত্যাগ কৰা নাছিল । বৰং বৰাক উপত্যকাত পৰাজিত হোৱাৰ পিছত তেওঁ ত্ৰিপুৰালৈ গৈ তাৰ পৰাও জিকি আহিছিল ৷
তদুপৰি পৰৱৰ্তী সময়ত পুনৰ বৰাক উপত্যকা নিজৰ দখলত ৰাখিছিল ।
উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে অসমৰ পৰা যোৱা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে দিল্লীত একেলগে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতেও আলোচনাত মিলিত হৈছিল সুস্মিতা দেৱ ৷সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰু দায়িত্বত অধিষ্ঠিত হৈ থকাৰ পিছতো কংগ্ৰেছ ত্যাগ কৰি এতিয়া তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ মন মেলিছে সুস্মিতা দেৱে । ইপিনে ভূপেন বৰাই লগতে কয় যে, মাত্ৰ এদিন পূৰ্বেই ফোনত সুস্মিতা দেৱৰ সৈতে তেওঁৰ কথা হৈছিল আৰু দলক কেনেকৈ শক্তিশালী কৰিব পাৰি সেই বিষয়ে আলোচনাও কৰিছিল ৷