ETV Bharat / state

Bhumi Pujan in Guwahati: মহানগৰীত 1777 কোটি টকাৰে কেবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভণি

author img

By

Published : Jan 5, 2023, 7:02 PM IST

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰাৰ লগতে ভূমিপূজন কাৰ্যসূচী সম্পন্ন কৰে (Bhumi Pujan in Guwahati)৷ খাৰঘুলিত নতুন ৰাজভৱনৰ আধাৰশিলা, খানাপাৰাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ আদি বহুকেইখন গুৰুত্বপূৰ্ণ আঁচনিৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Bhumi Pujan in Guwahati
মহানগৰীত 1777 কোটি টকাৰে কেবাটাও নতুন প্ৰকল্পৰ শুম্ভাৰণি

গুৱাহাটী, 5 জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত অসম চৰকাৰৰ বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অংশ হিচাবে মহানগৰীত 1777 কোটি টকাৰ কেবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজন কাৰ্য্যসূচী ৰূপায়ণ কৰে (Bhumi Pujan in Guwahati)। দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন প্ৰকল্পসূহৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীৰ অংশ হিচাবে প্ৰথমে পুৱা খাৰঘূলিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন ৰাজভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

খাৰঘুলিত নতুন ৰাজভৱনৰ আধাৰশিলা: নতুন ৰাজভৱন নিৰ্মাণৰ বাবে পুৰণি ৰাজভৱনৰ কাষত থকা বেলিভিউ হোটেলৰ অধিগ্ৰহণ কৰা মাটিত নতুন ৰাজভৱন নিৰ্মাণ কৰা হ’ব (New Raj Bhavan in Guwahati)। 41.32 কোটি টকা‌ ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগে 18 মাহৰ ভিতৰত এই নতুন ৰাজভৱন নিৰ্মাণ কৰি উলিয়াব । পানবজাৰ আৰক্ষী ছাউনিৰ নিৰ্মাণৰ ভূমি পূজন : ৫৪৪.৫৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পানবজাৰ আৰক্ষী ছাউনিত আৰক্ষীৰ বাবে ৪৩০ আৱাস গৃহ, স্কুল, পেৰেড কৰাৰ খেলপথাৰ নিৰ্মাণ কৰা হ’ব । আৰক্ষী আয়ুক্ত ভৱনৰ গুৱাহাটীৰ খানাপাৰাত নতুন আৰক্ষী আয়ুক্ত ভৱনৰ বাবে ভূমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লয় (New Police Commissioner office Guwahati)।

২৪ মাহৰ ভিতৰত আনুমানিক ৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই কাৰ্যালয়ে গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনৰ সকলো বিভাগ আৰু শাখাৰ কাম-কাজ অধিক ক্ষীপ্ৰ কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । লগতে উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটীত মহানগৰ আৰক্ষী বিভাগক অধিক দক্ষতাৰে আইন-শৃংখলা নিয়ন্ত্ৰণকে ধৰি বিভাগীয় কামসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

খানাপাৰাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ : খানাপাৰাত ৫,০০০ আসনযুক্ত এটি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ভূমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । ১৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰেক্ষাগৃহৰ কাম ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে (International Auditorium at Khanapara)।

শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানতো মুখ্যমন্ত্ৰীয়ে অংশ লৈ আধাৰশিলা স্থাপন কৰে । ৮০০ আসনযুক্ত অত্যাধুনিক এই প্ৰেক্ষাগৃহটো ৪৪.২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ৰূপনগৰত সংহত উপায়ুক্ত কাৰ্যালয় : ৰূপনগৰত কামৰূপ (মহানগৰ)ৰ সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰে । আনুমানিক ৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ভৱনত উপায়ুক্ত কাৰ্যালয়ৰ অধীনৰ সকলো চৰকাৰী বিভাগ থাকিব ।

বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্সৰ ভূমি পূজন : বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্সৰ বাবে ভূমি পূজনত মুখ্যমন্ত্ৰীয়ে অংশ লয়ত৷ ৮০৮ কোটি টকা ব্যয়সাপেক্ষ এই কমপ্লেক্সত চহৰখনত বিয়পি থকা বিভিন্ন সঞ্চালকালয়ৰ কাৰ্যালয় থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ কয় যে ৰাইজৰ বাবে এই পদক্ষেপ সহায়ক হোৱাৰ লগতে বৰ্তমান বিভিন্ন সঞ্চালকালয়ে দখল কৰি থকা হাজাৰ হাজাৰ একৰ ভূমি মুক্তকৰণতো সহায় কৰিব ৷

এই স্থানসমূহ তাৰ পৰিৱৰ্তে ৰাজহুৱা উদ্দেশ্যমূলক, যেনে : উদ্যান আদিৰ বাবে ব্যৱহাৰ কৰা হ'ব । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন ৰাজভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ভাষণ দি কয় যে চৰকাৰে যোৱা 5 ডিচেম্বৰৰ পৰা বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ।

এই কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰী, বঙাইগাঁও, মৰিগাঁও, বিশ্বনাথ, তামুলপুৰ, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড় আদি 11 খন জিলাত 15000 কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে । বৃহস্পতিবাৰে মহানগৰ জিলাত অসম চৰকাৰৰ বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অংশ হিচাপে 1777 কোটি টকাৰ কেবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাযসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: Sankardev Kalakshetra new auditorium: 800 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ’ব শংকৰদেৱ কলাক্ষেত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.