ETV Bharat / state

বিজেপিত যোগদানৰ পাছত ভূৱনেশ্বৰ কলিতাৰ প্ৰথমখন সংবাদমেল

author img

By

Published : Aug 18, 2019, 3:08 PM IST

Updated : Aug 18, 2019, 6:42 PM IST

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত ভূৱনেশ্বৰ কলিতা ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গামোচা পিন্ধাই আদৰণি ৰঞ্জিৎ দাসৰ ৷ ইয়াৰ পাছতে সংবাদমেল সম্বোধন কৰে কলিতাই ৷

ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত ভূৱনেশ্বৰ কলিতা

গুৱাহাটী, 18 আগষ্ট : বিজেপি দলত যোগদানৰ পাছতে দেওবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হ'ল ভূৱনেশ্বৰ কলিতা ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কলিতাক গামোচা পিন্ধাই আদৰণি জনালে বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী ভৱেশ কলিতাও ৷ ইয়াৰ পাছতে আৰম্ভ হোৱা সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, ভূৱনেশ্বৰ কলিতাৰ অভিজ্ঞতাই বিজেপিক অধিক শক্তিশালী কৰিব ৷ ভূবনেশ্বৰ কলিতাক ভাৰতীয় ৰাজনীতিৰ এজন নামজ্বলা ব্যক্তি বুলি কয় ৰামেশ্বৰ তেলীয়ে ৷ আনহাতে, ভৱেশ কলিতাই মন্তব্য কৰে যে, বিজেপিৰ বিচাৰধাৰাই সমাজৰ সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিব পাৰে, সেয়েহে ভূৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰিলে ৷

সংবাদমেলত কলিতাই মন্তব্য কৰে যে, চাৰি দশক কংগ্ৰেছত থকাৰ পাছত দল এৰা সম্পৰ্কত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যদিও তেওঁ নীতিগত ৰাজনীতিত বিশ্বাস কৰে ৷ শক্তিশালী ভাৰত গঢ়াৰ মোডী চৰকাৰৰ প্ৰচেষ্টা সফল হৈছে বুলি দাবী কৰে কলিতাই ৷ অৰ্থনীতি, বৈদেশিক নীতি আৰু ৰাষ্ট্ৰ কল্যাণৰ দিশত মোডী চৰকাৰ সফল হোৱা বুলি জনাই কলিতাই ৷ আলোচনা বিহীনভাৱে আগবঢ়া নেতাহীন কংগ্ৰেছ দল অসহ্যকৰ হোৱা বুলি মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই ৷ সেয়েহে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰি অনুচ্ছেদ 370 বাতিলকৰণত সহমত প্ৰদৰ্শন কৰিলে বুলি জানিবলৈ দিয়ে তেওঁ ৷ বিজেপিৰ নেতৃত্বই ভাৰতক পূৰ্ণ গতিত আগুৱাই নিব পাৰিব বাবেই বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে কলিতাই ৷

বিজেপি কাৰ্যালয়ত ভূৱনেশ্বৰ কলিতাৰ সংবাদমেল

Intro:Body:

BHUBENASWAR KALITA PRESSMEET

Conclusion:
Last Updated : Aug 18, 2019, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.