গুৱাহাটী,7 জানুৱাৰী : অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু এতিয়া দুৱাৰ দলিত ৷ সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ প্ৰস্তুতি ।
মহানগৰীৰ অন্যান্য স্থানৰ লগতে গণেশগুৰিতো আৰম্ভ কৰা হৈছে ভোগালী বিহুৰ আয়োজনj প্ৰস্তুতি ৷ গণেশগুৰি গণেশ মন্দিৰ কমিটী আৰু দিছপুৰ প্ৰেছ ক্লাৱৰ সৌজন্যত উদযাপন কৰা হ’ব ভোগালী বিহু ৷
প্ৰায় 20 ফুট উচ্চতাৰ মেজি প্ৰস্তুতিত নিয়োজিত হৈ আছে 6 জনকৈ কৰ্মী । কংক্রিটৰ নগৰীত মেজি প্ৰজ্বলন পৰ্বই বাৰুকৈয়ে ভোগালীৰ আমেজ ল’ব পাৰিব গুৱাহাটীবাসীয়ে ।
প্ৰায় 100 ডালতকৈও অধিক মেঘালয়ৰ পৰা অনা বাঁহেৰে প্ৰস্তুত কৰা হৈছে মেজি । মুঠতে ভোগালীৰ আনন্দত আত্মহাৰা হৈ আছে গুৱাহাটীবাসী ৷
লগতে পঢ়ক : জামিন নাপালে অখিল গগৈয়ে