ETV Bharat / state

কণ্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান

author img

By

Published : Apr 21, 2021, 7:39 PM IST

Updated : Apr 21, 2021, 8:59 PM IST

কণ্ঠশিল্পী ভিতালী দাস আৰু নাই
কণ্ঠশিল্পী ভিতালী দাস আৰু নাই

19:32 April 21

বিগত ১৪ এপ্ৰিলত লতাশিলৰ বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ অসুস্থ হৈ পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী ৷ অসুস্থ হৈ পৰাৰ পিছতে কালাপাহাৰৰ ক’ভিড চিকিৎসালয়ত এটা বিশেষজ্ঞৰ দলে চিকিৎসা প্ৰদান কৰি আছিল ভিতালী দাসক।

নিউজ ডেস্ক,21 এপ্ৰিলঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান ৷ অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী বিহুগীতৰ অতিকে জনপ্ৰিয় কণ্ঠশিল্পী আছিল ভিতালী দাস ৷ তেওঁৰ কণ্ঠই সকলোকে মোহাছন্ন কৰি ৰাখিছিল ৷ বিগত ১৪ এপ্ৰিলত লতাশিলৰ বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ অসুস্থ হৈ পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী ৷ অসুস্থ হৈ পৰাৰ পিছতে কালাপাহাৰৰ ক’ভিড চিকিৎসালয়ত এটা বিশেষজ্ঞৰ দলে চিকিৎসা প্ৰদান কৰি আছিল ভিতালীক । উল্লেখযোগ্য যে, ভেণ্টিলেটৰ সহায়ত শ্বাস-প্ৰশ্বাস প্ৰদান কৰি থকা হৈছিল শিল্পী গৰাকীক ।

কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস ক’ভিডৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানি বুধবাৰে সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী গৰাকীয়ে ।

লগতে পঢ়কঃ ক’ভিডত আক্ৰান্ত শিৱসাগৰৰ উপায়ুক্ত

Last Updated : Apr 21, 2021, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.