ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে 8 আৰু 9 ছেপ্তেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব ভাৰতীয় কিষাণ সংঘই - গুৱাহাটী প্ৰেছ ক্লাৱ

চৰকাৰে বৰ্তমান কৃষকে উৎপাদন কৰা ফচলৰ লাভজনক বজাৰ মূল্যৰ সুৰক্ষা দিয়াতো দূৰৰে কথা, সম্প্ৰতি যি নূন্যতম মূল্যত কৃষক সকলে উৎপাদিত কৰা ফচল সমূহ চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে ৷ পিছে দেশৰ অধিক সংখ্যক কৃষকে সেই মূল্য লাভ কৰাৰ পৰা আজিও বঞ্চিত হোৱা দেখা গৈছে । এই অভিযোগ কিষাণ সংঘৰ ৷

চৰকাৰৰ বিৰুদ্ধে 8 আৰু 9 ছেপ্তেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব ভাৰতীয় কিষাণ সংঘই

author img

By

Published : Sep 7, 2021, 7:09 PM IST

গুৱাহাটী,7 ছেপ্তেম্বৰ: কৃষিজাত সামগ্ৰীৰ লাভজনক বজাৰ মূল্য লাভ কৰাৰ দাবীত ৯ ছেপ্তেম্বৰত কিষাণ সংঘই ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ভাৰতীয় কিষাণ সংঘ অসমৰ ৰাজ্যিক সম্পাদক কুমুদ চহৰীয়া আৰু সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰাই কয় যে, শষ্যৰ উৎপাদন খৰচতকৈ উৎপাদিত ফচলৰ বজাৰ মূল্য বহু সময়ত নিম্নতম হোৱা দেখা যায় ।

একেদৰে তেওঁলোকে কয়, কৃষি আইন ২০২০ ৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে কৃষকৰ আৰ্থিক উন্নয়ণৰ দৃষ্টিৰে যি পৰিৱৰ্তন আনিব বিছাৰিছে, তাক কিষাণ সংঘই আদৰণি জনায় যদিও তাত কিছু আধাৰকৃত সংশোধনৰ লগতে কৃষকৰ উৎপাদিত ফচলৰ উচিত বজাৰ মূল্যৰ নিশ্চিতি প্ৰদানৰ দাবীত সংঘই প্ৰথমৰ পৰাই মাত মাতি আছে ৷

চৰকাৰৰ বিৰুদ্ধে 8 আৰু 9 ছেপ্তেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব ভাৰতীয় কিষাণ সংঘই

চৰকাৰে বৰ্তমান কৃষকে উৎপাদন কৰা ফচলৰ লাভজনক বজাৰ মূল্যৰ সুৰক্ষা দিয়াতো দূৰৰে কথা, সম্প্ৰতি যি নূন্যতম মূল্যত কৃষক সকলে উৎপাদিত কৰা ফচল সমূহ চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে, দেশৰ অধিক সংখ্যক কৃষকে সেই মূল্য লাভ কৰাৰ পৰা আজিও বঞ্চিত হোৱা দেখা গৈছে । তাৰোপৰি এই সমগ্ৰ ব্যৱস্থাটোৰ আসোঁৱাহ সৰ্বজনবিদিত বুলি উল্লেখ কৰিছে কিষাণ সংঘৰ বিষয়াদ্বয়ে ।

লগতে পঢ়কঃ আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

কৃষিকৰ্মত ব্যৱহাৰ কৰা সামগ্ৰী সাৰ, বীজ, বিজুলী, পানী আদিৰ খৰছ দিনক দিনে বৃদ্ধি পাই আহিছে ৷ সেই অনুপাতে চৰকাৰীভাৱে ধাৰ্য্য কৰা নিৰিখৰ ব্যৱস্থাটো কাৰ্যকৰী কৰা সমীক্ষা দেখা নাযায়, সেয়ে কিষাণ সংঘই নূন্যতম সমৰ্থন মূল্যৰ পৰিৱৰ্তে উচিত লাভজনক বজাৰত মূল্য নিশ্চিতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।

এই বিষয়টোৰ সৰ্ন্দভত এখন স্মাৰক পত্ৰ কিষাণ সংঘই ইতিমধ্যেই ১১ আগষ্টত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে । কিন্তু আজিকোপতি কোনো উত্তৰ নোপোৱাত ৮ ছেপ্তেম্বৰত কিষাণ সংঘই সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ৷

লগতে অসমত ৯ ছেপ্তেম্বৰত কিষাণ সংঘই কৃষকৰ ফচলৰ উচিত বজাৰ মূল্যৰ দাবীত তথা ব্যৱস্থিত সুশৃংখলিত আদৰ্শ বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰাৰ দাবীত অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে কিষাণ সংঘৰ বিষয়ববীয়াই ৷

লগতে পঢ়কঃ ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.