নিউজ ডেস্ক, 1 নৱেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত মন্দিৰ, মছজিদত প্ৰাৰ্থনা আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মঙলবাৰে ধুবুৰী জিলাৰ গোলকঞ্জৰ পৰা আৰম্ভ কৰে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra from Dhubri) ৷
গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেলগুৰিৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধানত জিতেন্দ্ৰ সিঙৰ লগতে দলটোৰ ভালে সংখ্যক বিধায়ক-বিধায়িকা আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ উপস্থিতিত কেবাহাজাৰো দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই যাত্ৰাত ৷
এই ভাৰত জোড়ো যাত্ৰাই আগন্তুক দিনবোৰত অসমৰ ৰাজনৈতিক ছবিখন কিমান সলনি কৰিব পাৰে সেয়াহে হ’ব লক্ষণীয় ৷ মঙলবাৰে দিনৰ প্ৰায় 2:30 বজাত আৰম্ভ হোৱা যাত্ৰা অহা পাঁচদিন অব্যাহত থাকিব ৷ পাঁচদিনৰ পাচত শদিয়াত অন্ত পৰিব এই ভাৰত জোড়ো যাত্ৰা ৷
2014 চনৰ পৰাই অসমৰ ৰাইজে ৰাজনৈতিকভাৱে একাধিকবাৰ প্ৰত্যাখ্যান কৰা কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰাৰ দৰে কাৰ্যসূচীৰে অসমবাসীৰ মনত আকৌ এবাৰ স্থান লোৱাৰ সপোন দেখিছে, যদিও ইতিমধ্যে খোদ বিহপুৰীয়া বিধানসভা সমষ্টিতে এবাৰ এবাৰকৈ তিনিবাৰ পৰাজয়ৰ সন্মুখীন হোৱা ভূপেন বৰাৰ দৰে নেতাৰ নেতৃত্বত কংগ্ৰেছে অসমত আকৌ এবাৰ কঁকাল পোনাব পাৰিব বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে এই পৰ্যন্ত বিশ্বাস কৰিব পৰা নাই ৷
উল্লেখ্যযোগ্য যে, কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে প্ৰায় দুমাহৰ আগতে তামিলনাডুৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই দেশৰ মন মগজু আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল ৷ শাসনাধিস্থ ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতাই নানা ধৰণৰ টুলুঙা মন্তব্যৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু তেওঁ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ গুৰুত্ব লঘূ কৰাৰ প্ৰচেষ্টা চলাই আহিছে ৷
কিন্তু কংগ্ৰেছৰ এই যাত্ৰা কাৰ্যসূচীয়ে সৰ্বসাধাৰণ ৰাইজৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিয়ে শাসকীয় দলটোৰ নেতাসকলৰ নিদ্ৰাহৰণ কৰা পৰিলক্ষিত হৈছে ৷ অসমৰ ৰাজনীতিত প্ৰায় অপ্ৰাসংগিক হৈ পৰা কংগ্ৰেছ দলটোক ৰাহুল গান্ধীয়ে তামিলনাডুৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিব বুলি কংগ্ৰেছ কৰ্মীসকলে আশা কৰিছিল ৷ পিছে মঙলবাৰে ধুবুৰী জিলাৰ গোলকঞ্জৰ বেলগুৰিৰ পৰা আৰম্ভ হোৱা যাত্ৰাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ নকৰাৰ কথাই কংগ্ৰেছ কৰ্মীসকলক হতাশ কৰি তোলা পৰিলক্ষিত হৈছে ৷
আনহাতে, বিজেপিৰ শাসনকালত দেশৰ লগতে অসমৰো ভোটাৰ ৰাইজৰ ধৰ্মীয় মেৰুকৰণ সম্পূৰ্ণ কৰি তোলাৰ সময়তে ধৰ্মীয় সংখ্যালঘূ অধ্যুষিত এলেকাত সন্তোষজনক সঁহাৰি লাভ কৰা ভাৰত জোড়ো যাত্ৰাই অহা দিনত মূলসুঁতিৰ অসমীয়া মানুহৰ মাজত কিমান সঁহাৰি পাই সেয়াহে হ’ব লক্ষণীয় ৷ ইফালে পৰিস্থিতিৰ সুযোগ লৈ শাসকীয় বিজেপি দলে কংগ্ৰেছক কটাক্ষ কৰিবলৈ এৰা নাই ৷
লগতে পঢ়ক : Assam New Wine Shop License: নতুন ৱাইন শ্বপৰ জৰিয়তে বছৰি তিনি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য