ETV Bharat / state

৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব গৃহ আবণ্টন পত্ৰ, প্রথম কিস্তিৰ পুঁজি - Beneficiary to get home allotment letter

১৯ মে'ত যোৰহাটত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি (Beneficiary to get home allotment letter and first instalment)। উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং । ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৭৭৩৯.৫ কোটি টকা । ২০২৪ চনৰ ভিতৰত ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য । গুৱাহাটীত "উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন" শীৰ্ষক প্ৰাদেশিক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং । বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি সমূহৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত পর্যালোচনা ।

beneficiaries to get home allotment letter and first instalment of funds
৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব গৃহ আবণ্টন পত্ৰ, প্রথম কিস্তিৰ পুঁজি
author img

By

Published : May 17, 2022, 8:43 PM IST

গুৱাহাটী,১৭ মে' : প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত যোৰহাটৰ কৰ্ট ফিল্ডত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) মুখ্য অতিথি আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে (Central minister Giriraj Singh) সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ।

এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Das) । আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত অসমক নতুনকৈ ৭ লাখ গৃহৰ আবণ্টন দিছে ।

beneficiaries to get home allotment letter and first instalment of funds
৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব গৃহ আবণ্টন পত্ৰ, প্রথম কিস্তিৰ পুঁজি

ইয়াৰে ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীয়ে ১৯ মে'ত আনুষ্ঠানিকভাৱে গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি লাভ কৰিব (Beneficiary to get home allotment letter and first instalment) । তেওঁ লগতে কয় যে এই ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৭৭৩৯.৫ কোটি টকা । প্ৰথম কিস্তি হিচাপে হিতাধিকাৰীসকলে লাভ কৰিব মুঠ ১৬৫৭.৫০ কোটি টকা ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ প্ৰতিগৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত তিনিটা কিস্তিত মুঠ ১ লাখ ৩০ হেজাৰ টকাৰ সাহাৰ্যৰ উপৰি এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপে ২১,৭৫৫ টকা প্ৰদান কৰা হয় । অর্থাৎ পি এম এ ৱাই-জিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুঠ ১,৫১,৭৫৫ টকাকৈ লাভ কৰিব । তেওঁ কয় যে হিতাধিকাৰীসকলে এবছৰৰ ভিতৰত গৃহ নির্মাণ সম্পূর্ণ কৰি তুলিব লাগিব ।

বাকী হিতাধিকাৰী সকলকো অতি শীঘ্ৰে চৰকাৰে গৃহ আবণ্টন আৰু পুঁজি প্ৰদান কৰিব বুলি তেওঁ সদৰি কৰে । ২০২৪ চনৰ ভিতৰত চৰকাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহ নির্মাণ সম্পূর্ণ কৰি তোলাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । পি এম এ ৱাই-জিৰ হিতাধিকাৰীৰ বাবে বিভাগে ৬ টা গৃহ নক্সা প্ৰস্তুত কৰিছে আৰু এই নক্সাসমূহৰ পৰা এটা নক্সা নিৰ্বাচন কৰি স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি হিতাধিকাৰীসকলে গৃহ নির্মাণৰ কাম সম্পূর্ণ কৰিব পাৰিব ।

তেওঁ কয় যে কোনো যোগ্য হিতাধিকাৰীয়ে যাতে এই আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কাম কৰি আছে । উল্লেখ্য যে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত "উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন" শীৰ্ষক এখনি প্ৰাদেশিক সন্মিলন অনুষ্ঠিত হয় ।

সন্মিলনত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে অসমৰ পঞ্চায়ত আৰু গ্ৰামেন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু গ্ৰামোন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় ক্ৰমে ফগ্গান সিং কুলস্তে আৰু সাধ্বী নিৰঞ্জন জ্যোতিৰ উপস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি সমূহৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত পর্যালোচনা কৰে ।

সন্মিলনত অৰুণাচল প্ৰদেশ, চিকিম, মিজোৰাম, মণিপুৰ, নাগালেণ্ডৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ সচিব নগেন্দ্ৰনাথ সিং, অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে.বি. এক্কা, আয়ুক্ত বিক্ৰম কৈৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভালেসংখ্যক শীর্ষ বিষয়াই অংশগ্ৰহণ কৰে ।

সন্মিলনত নতুনকৈ আবণ্টন লাভ কৰা 'প্ৰধানমন্ত্ৰী আৱাস যোজনা' (Pradhan Mantri Awas Yojna) আঁচনিৰ অধীনৰ গৃহ সমূহৰ সঠিক তথা সফল ৰূপায়ণৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । তদুপৰি বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সমূহ কেনেদৰে অতিক্ৰম কৰি ৰাজ্যত উন্নয়নৰ গতি ত্বৰান্বিত কৰিব পাৰি সেই সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।

লগতে পঢ়ক: বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.