গুৱাহাটী, 27 অক্টোবৰ : মঙলবাৰে মহানগৰী গুৱাহাটীৰ চাৰ্ভেত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ শোৱাপাটীতে কোনো অচিনাক্ত দুৰ্বৃত্তই সপত্নীক হত্যা কৰিছিল 80 ৰ ঊৰ্ধৰ ননীগোপাল বৰুৱাক ৷ কৰ্মসূত্ৰে দুই কন্যা সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা হোৱাৰ হেতু বৰুৱা দম্পতীয়ে দীৰ্ঘদিনে চাৰ্ভেস্থিত ঘৰত অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আহিছিল ৷
উক্ত হত্যাকাণ্ডৰ প্ৰসংগত আৰক্ষীয়ে যদিও তদন্তৰ খাতিৰত মুখ খোলা নাই, কিন্তু প্ৰাথমিক তদন্তৰ অন্তত বৰুৱা দম্পতীৰ ঘৰত কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আকাশ চৌধুৰীক পত্নীৰ সৈতে গ্ৰেপ্তাৰ কৰিছে ৷ মঙলবাৰে নিশা আকাশক সোধ-পোচৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পৰৱৰ্তী সময়ত আকাশে "মই কাকো মাৰ্ডাৰ কৰা নাই" বুলি সমগ্ৰ ঘটনা সম্পৰ্কে অস্বীকাৰ কৰে ৷
লগতে চাওক: মহানগৰীত শোৱাপাটীতে দম্পতীক হত্যা
আৰক্ষীয়ে ঘটনা সম্পৰ্কত আন দুজন যুৱক ক্ৰমে বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়াক আটক কৰে ৷ ইয়াৰে আটকাধীন জোন শইকীয়াই হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আকাশৰ সৈতে মদ্যপান কৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰা সকলো তথ্য পৰীক্ষাৰ বাবে ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, সকলো কথা চালি-জাৰি চাই মহানগৰ আৰক্ষী আয়ুক্তই উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত আকাশ চৌধুৰী বুলি এক ইংগিত প্ৰদান কৰিছে ৷
লগতে চাওক: beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পতীক ?