ETV Bharat / state

Debajit Saikia felicitated: BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক গুৱাহাটীত বিপুল সম্বৰ্ধনা

author img

By

Published : Oct 19, 2022, 10:21 PM IST

অসম ক্ৰিকেট সন্থাৰ (Secretary of Assam Cricket Association) সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ (Debajit Saikia elected as Joint Secretary of BCCI) যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । ইয়াৰ পাছতেই গুৱাহাটীত উপস্থিত হোৱাৰ পাছত দেৱজিৎ শইকীয়াক বুধবাৰে গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানত বিপুল সম্বৰ্ধনা জনোৱা হয় ।

BCCI Joint Secretary Debajit Saikia receives huge reception in Guwahati
বি চি চি আইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক গুৱাহাটীত বিপুল সম্বৰ্ধনা

গুৱাহাটী, 19 অক্টোবৰ: প্ৰথমজন অসমীয়া দেৱজিৎ শইকীয়াই বি চি চি আইৰ গুৰুত্বপূৰ্ণ পদ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীৰ মাজত আনন্দৰ লহৰ উঠিছে (Debajit Saikia elected as Joint Secretary of BCCI) । বি চি চি আইৰ গুৰুত্বপূৰ্ণ পদ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দেৱজিৎ শইকীয়াক বুধবাৰে গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানত বিপুল সম্বৰ্ধনা জনোৱা হয় (Debajit Saikia elected as Joint Secretary of BCCI) ।

গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত নৱ নিৰ্বাচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থা, গুৱাহাটী টাউন ক্লাৱ, গুৱাহাটী ক্ৰীড়া সন্থা আৰু ফুটবল সন্থা আদি বিভিন্ন ক্ৰীড়া সন্থাৰ তৰফৰ পৰা দেৱজিৎ শইকীয়াক বিপুল সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানত আদৰণি ভাষণ দি গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীয়ে কয়, "আমাৰ বাবে এয়া গৌৰৱৰ বিষয় । দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্ব লোৱাৰ পিছৰ পৰা অসম ক্ৰিকেটৰ আন্তঃগাঁথনিৰ উন্নতি হৈছে । এতিয়া দেৱজিৎ শইকীয়াই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) যুটীয়া সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত অসম ক্ৰিকেট জগতৰ অধিক উন্নতি হব বুলি আশা কৰিছো ।

এই অনুষ্ঠানতে ভাষণ দি দেৱজিৎ শইকীয়াই কয়, "এয়া অসমৰ সকলোৰে বাবে গৌৰৱৰ দিন । মোৰ কাৰ্য্যকালত আমিনগাঁও ক্ৰিকেট খেলপথাৰ, জ'ছ খেলপথাৰ উন্নত কৰা হৈছে । এতিয়া একেলগে ক্ৰিকেট আৰু ফুটবল নেহৰু ষ্টেডিয়ামত খেলিব পৰা হৈছে । মোৰ এই যাত্ৰাত যথেষ্ট অৱদান আছে গুৱাহাটী ক্ৰীড়া সন্থাৰ ।

তেওঁ লগতে কয় যে অসমত যাতে ক্ৰিকেটৰ বাবে খেলপথাৰৰ অভাৱ নহয় তাৰ বাবে গুৰুত্ব দিয়া হ'ব । নতুন ক্ৰিকেট খেলপথাৰৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । অসমত মহিলা আই পি এল অনুষ্ঠিত হ’ব । 2021 বৰ্ষৰ ফেব্ৰুৱাৰীত অসমত মহিলা আই পি এল অনুষ্ঠিত হ’ব । মহিলা আই পি এলত গুৱাহাটীৰ মহিলাৰ ক্ৰিকেট দল থাকিব বুলি তেওঁ কয় ।

উল্লেখ্য ১৮ অক্টোবৰত ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুসৰি, দেৱজিৎ শইকীয়া বিনা প্ৰতিদ্বন্দিতাৰে এই পদলৈ নিৰ্বাচিত হৈছে । দেৱজিৎ শইকীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ খালী হোৱা পদত ত্ৰিদীপ কোঁৱৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, বিচিচিআইৰ সভাপতিৰ পদত নিৰ্বাচিত হৈছে ৰ’জাৰ বিন্নী আৰু জয় শ্বাহ সম্পাদক হিচাপে তেওঁৰ পদত থাকিব। ইফালে বিজেপি বিধায়ক আশীষ শ্বেলাৰক অৰুণ ধুমলৰ ঠাইত কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে । বিচিচিআইৰ যুটীয়া সচিব পদৰ বাবে ১১ অক্টোবৰত দেৱজিৎ শইকীয়াই মনোনয়ন দাখিল কৰিছিল ।

লগতে পঢ়ক: Debajit Saikia felicitated: বিমানবন্দৰত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াক উষ্ম আদৰণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.