গুৱাহাটী, 10 জুনঃ আলফাৰ নামত এগৰাকী বিজেপি কৰ্মীক ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ যুৱক ধৃত বিদ্যুৎ বিকাশ তালুকদাৰ ৷ দেওবাৰে এই কথা জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ উল্লেখ্য যে, ফেচবুক-মেচেঞ্জাৰৰ জৰিয়তে ফোন কৰি ধন দাবী কৰিছিল গৌতম ডেনিয়েল ৰায় চৌধুৰী নামৰ এজন বিজেপি কৰ্মীক ৷ ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত ৰুজু কৰা হৈছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক ৷
ইয়াৰ পূৰ্বেও বহু জাতি বিৰোধী প’ষ্ট কৰিছিল ধৃত বিদ্যুৎ বিকাশে । ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ফটোতো অশ্লীল ভাবে প’ষ্ট লিখি শ্বেয়াৰ কৰিছিল বিদ্যুতে । বঙালী মহিলাৰ ওপৰত অভব্য আচৰণ কৰাও পৰিলক্ষিত হয় বিদ্যুতৰ ফেচবুক একাউন্টত ।