ETV Bharat / state

Crime in Guwahati: আৰক্ষীৰ অপৰাধ শাখাৰ জালত ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া - Barmese Supari

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ (Barmese Supari) । এইবাৰ মহানগৰী আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিল ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া যশবীৰ সিং চাটোৱাল । হাজাৰ কোটিতকৈও অধিক সম্পত্তিৰ গৰাকী চুপাৰি মাফিয়া যশবীৰ ।

Crime in Guwahati
আৰক্ষীৰ অপৰাধ শাখাৰ জালত ম'ষ্ট ৱান্টেড চুপাৰি মা
author img

By

Published : Nov 29, 2022, 6:42 PM IST

গুৱাহাটী, ২৯ নৱেম্বৰ: বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনৰ গাদী দখল কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু ৰাজ্যত প্ৰকৃততে বিভিন্ন সামগ্ৰীৰ অবৈধ ব্যৱসায়কে ধৰি ছিণ্ডিকেট সমূহ বন্ধ হৈছেনে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷ একাংশ মাফিয়াই অতি ৰহস্যজনকভাৱে ৰাজ্যত অব্যাহত ৰাখিছে এইসমূহ সামগ্ৰীৰ অবৈধ ব্যৱসায় ৷

আৰক্ষীৰ অপৰাধ শাখাৰ জালত ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া

ইয়াৰ মাজতেই আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিল ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া যশবীৰ সিং চাটোৱাল ওৰফে কেপ্তেইন (Barmese supari dealer arrested in Guwahati) । সোমবাৰে নিশা মহানগৰী আৰক্ষীৰ অপৰাধ শাখা অভিযান চলাই বেলতলাৰ হোটেল টকীঅ' টাৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰে যশবীৰৰ সিঙক । মহানগৰী আৰক্ষীৰ অপৰাধ শাখাৰ উপ-আয়ুক্ত মৃণাল তালুকদাৰে এই সন্দৰ্ভত কয় ," এবছৰ ধৰি অপৰাধ শাখাই বাৰ্মিজ চুপাৰিৰ মাষ্টাৰ মাইণ্ড যশবীৰ সিংঙৰ সন্ধানত দিল্লী, হিমাচল, মহাৰাষ্টকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছিল । কিন্তু অতি চতুৰ চুপাৰি মাফিয়া যশবীৰে সঘনাই স্থান সলনি কৰিছিল ।" তেওঁ কয় যে গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা অভিযান চলাই বেলতলাৰ হোটেল টকীঅ' টাৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যশবীৰক। তেওঁ ইয়াৰ পৰা বাৰ্মালৈ যোৱাৰ বাবে হোটেলখনত বাহৰ পাতি আছিল বুলি সদৰী কৰে মহানগৰী আৰক্ষীৰ অপৰাধ শাখাৰ উপ-আয়ুক্তগৰাকীয়ে ।

Crime in Guwahat

উল্লেখ্য় যে ধৃত যশবীৰে দীৰ্ঘদিন ধৰি ব্ৰহ্মদেশৰ পৰা চুপাৰি আনি দেশৰ বিভিন্ন প্ৰান্তত ব্যৱসায় কৰি আহিছিল । যশবীৰৰ নিৰ্দেশতেই উঠা বহা কৰে অসমৰ বহু চুপাৰি মাফিয়াই । ধৃত যশবীৰৰ ঘৰ নাগপুৰত । দিল্লী, নাগপুৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আছে যশবীৰৰ বিশাল সম্পত্তি ।

অপৰাধ শাখাৰ ১/২২ নম্বৰ গোচৰ ভিত্তিত নিশা গ্ৰেপ্তাৰ কৰা হয় যশবীৰক । এই গোচৰৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে প্ৰায় ১৫ জন চুপাৰি মাফিয়া । পূৰ্বে গ্ৰেপ্তাৰ হোৱা চুপাৰি মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হয় যশবীৰক । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি হাজাৰ কোটিতকৈও অধিক সম্পত্তিৰ গৰাকী চুপাৰি মাফিয়া যশবীৰ ।

লগতে পঢ়ক:Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.