ETV Bharat / state

বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

author img

By

Published : Sep 6, 2021, 10:31 PM IST

বঙ্গাল-বঙ্গালনী নাটক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ড৹ প্ৰফুল্ল কুমাৰ নাথে ৷ ড৹ নাথে কয় য়ে, জ্ঞাতে বা অজ্ঞাতে কিবা ভুল হ’ব পাৰে । ড৹ জানাক আইনৰ ওচৰলৈ নগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগলৈ সদিচ্ছাৰে আহি আলোচনা কৰিবলৈ আহ্বান জনাই অধ্যাপক গৰাকীয়ে ।

Bangal bangalini book controversy
Bangal bangalini book controversy

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে সম্পাদনা কৰা বঙ্গাল বঙ্গালনী নাটক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে অধ্যাপক গৰাকীয়ে ৷ বঙ্গাল বঙ্গালনী শীৰ্ষক ৰুদ্ৰৰাম বড় দলৈৰ নাটকখন ১৮৭১ চনত শিৱসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ হৈ ওলাইছিল । ২০১৪ চনত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ জ্যোতিৰ্ময় জানাৰ সম্পাদনাত ভৱানী বুকছৰ দ্বাৰা ৰুদ্ৰৰাম বড় দলৈৰ বঙ্গাল বঙ্গালনী নাটক, মূল নাটক আৰু আলোচনা শীৰ্ষক নামেৰে প্ৰকাশ হয় ।

বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ

পৰৱৰ্তী সময়ত ২০১৭ চনত বঙ্গাল বঙ্গালনী নাটক নামেৰে ড৹ প্ৰফুল্ল কুমাৰ নাথৰো এক সম্পাদনা প্ৰকাশ পায় । কিন্তু ড৹ জানাই অধ্যাপকজনৰ বিৰুদ্ধে অভিযোগ আনিছে যে, তেওঁ সম্পাদনাৰ ক্ষেত্ৰত সমলখিনি বহু ঠাইত ড৹ জানাৰ ভাষাৰে সন্নিৱিষ্ট কৰিছে আৰু গ্ৰন্থস্বত্ত্ব আইন ভংগ কৰিছে । ড৹ নাথে কয় য়ে, জ্ঞাতে বা অজ্ঞাতে কিবা ভুল হ’ব পাৰে । ড৹ জানাক আইনৰ ওচৰলৈ নগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগলৈ সদিচ্ছাৰে আহি আলোচনা কৰিবলৈ আহ্বান জনাই অধ্যাপক গৰাকীয়ে ।

লগতে পঢ়ক : গো-সুৰক্ষা আইনৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

লগতে তেখেতক কৃতজ্ঞতা জনায় ড৹ নাথে সম্পাদনা কৰা গ্ৰন্থখনৰ সংশোধন কৰিবলৈ যত্ন কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে প্ৰকাশকৰ ব্যৱসায়িক সংঘাতৰ বলি হোৱা বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে এই গ্ৰন্থখনৰ ক্ষেত্ৰত গ্ৰন্থস্বৰ্ত ভংগ তথা নকল কৰা বুলি অভিযোগ আনিছিল ড৹ জ্যোতিৰ্ময় জানাই ৷ এই বিষয়টোক লৈ ইতিমধ্য বিজ্ঞ মহলত চৰ্চা হৈছে ৷ এতিয়া যিহেতু অধ্যাপক ড৹ নাথে সকলো কথা স্পষ্ট কৰিছে, গতিকে পৰৱৰ্তী সময়ত ড৹ জ্যোতিৰ্ময় জানাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : সাৱধান ! এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.