গুৱাহাটী, ২৩ মাৰ্চঃ উত্তৰ পূৱৰ পৰাপোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ল বিবাহ সংক্ৰান্তীয় এপ বন্ধন লাইফ । সকলোৰে বাবে উপযুক্ত জীৱন সংগী বিচৰাটো সম্ভৱ নহয়, সেই কথা আগত ৰাখিয়েই জ্যোতিষী লীলা মাধৱ শইকীয়াই আৰম্ভ কৰি উলিয়াইছে উপযুক্ত জীৱন সংগীৰ প্ৰাৰ্থী বিচৰাৰ এটা নতুন এপ 'বন্ধন লাইফ' ।
বন্ধন লাইফ হৈছে এটা মেট্টম'নিয়েল এপ যাৰ দ্বাৰা বিবাহৰ বাবে উপযুক্ত যুৱক-যুৱতীক পছন্দৰ প্ৰাৰ্থী বিচাৰি দিয়া হ'ব । এপটোৰ বিষয়ে লীলা মাধৱ শইকীয়াই কয় যে বাকীবোৰ মেট্টম'নিয়েল এপতকৈ এইটো পৃথক আৰু কম মূল্যৰ । এবাৰ ৰেজিষ্টেচন কৰিলে বিনামূলীয়াকৈ এস্ত্ৰোলজিকেল সেৱা পাব আৰু বিবাহ যোগ কেতিয়া পৰিব, বিবাহৰ সময় কি হ'ব, কেনে ধৰণৰ পাত্ৰ-পাত্ৰী পাব, দৰা-কন্যা মাংগলিক হয় নে নহয় তাৰ উচিত বিধান দিয়া হ'ব এই এপৰ যোগেদি । এগৰাকীউচিত পাত্ৰ-পাত্ৰী বিচৰাক লৈ যি সমস্যা সৃষ্টি হয় সেই সকলো খিনি সকাহ দিবলৈ বন্ধন লাইফ সম্পূৰ্ণ সক্ষম বুলি উল্লেখ কৰে মাধৱ শইকীয়াই ।