ETV Bharat / state

দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা

author img

By

Published : Jan 4, 2021, 1:49 PM IST

অসমত আহি উপস্থিত বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন শৰ্মা ৷ দেওবাৰে পাণ্ডা আৰু শৰ্মা অসমত আহি উপস্থিত হয় ৷ সোমবাৰৰ পৰা দুই নেতাই আগন্তুক 2021 ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে উজনি অসম অভিযান ৷

baijayanta panda and paban sarma arrived assam ahead of 2021 assembly election
দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা

গুৱাহাটী, 4 জানুৱাৰী: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুই-তিনি মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক শিবিৰ এতিয়াও বহুধা শিবিৰত বিভক্ত হৈ থকাৰ বিপৰীতে শাসকীয় বিজেপি দল সম্পূৰ্ণ সুপৰিকল্পিত ভাবে নিৰ্বাচনী ৰণকৌশল ৰচনাত নামি পৰিছে । ইয়াৰে অংশ স্বৰূপে দীঘলীয়া কৰ্মসূচী হাতত লৈ দেওবাৰে অসমত আহি উপস্থিত হৈছে বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন শৰ্মা । সমগ্ৰ ৰাজ্যজুৰি অভিযান চলোৱাৰ কাৰ্যসূচী হাতত লৈ এই দুই নেতা অসমত উপস্থিত হৈছে ।

ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই আজি ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে সোমবাৰৰ পৰা এই দুই নেতাই উজনি অসম অভিযান আৰম্ভ কৰিছে । সোমবাৰে দুয়োগৰাকী নেতাই সোণাৰি, শিৱসাগৰ আৰু চৰাইদেউত দলীয় সভাত ভাগ ল'ব আৰু মঙলবাৰে ভাগ লব ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়াত অনুষ্ঠিত হ'বলগীয়া দলীয় সভাত ।

উজনি অসম ভ্ৰমণ সামৰি 6 জানুৱাৰীত গুৱাহাটীত আহি উপস্থিত হ'ব পৱন শৰ্মা আৰু বৈজয়ন্ত জয় পাণ্ডা । 6 জানুৱাৰীৰ দিনটোত গুৱাহাটীত দুয়ো গৰাকী নেতাই কেইবাটাও দলীয় কাৰ্যসূচীত ভাগ লৈ 7 জানুৱাৰীত নামনি অসম অভিযানলৈ বুলি ৰাওনা হ'ব ৷ 7 জানুৱাৰীত ৰঙিয়া আৰু দক্ষিণ কামৰূপত কেইবাখনো দলীয় সভাত ভাগ লব দুয়োগৰাকী নেতাই ।

দলীয় সূত্ৰই আৰু প্ৰকাশ কৰা মতে 24 বা 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমত পুনৰ পদাৰ্পন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত উৰিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.