গুৱাহাটী, 27 ফেব্ৰুৱাৰী: সোমবাৰৰ দিনটোত দিশপুৰ আৰু ৰাজ্যৰ ৰাজনৈতিক মহল গৰম কৰি ৰাখিছে কংগ্ৰেছৰ এগৰাকী বিধায়কে ৷ সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দী AIUDFক লৈ বিস্ফোৰণ ঘটাইছে কংগ্ৰেছৰ সংখ্যালঘু বিধায়কজনে (Abdur Rashid Mandal on AIUDF) ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ঘটিব বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন ৷ ‘‘আজমলসহ সমগ্ৰ AIUDFৰ নেতাই যোগ দিব কংগ্ৰেছত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অস্তিত্বহীন হ’ব AIUDF, সংখ্যালঘুক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই কংগ্ৰেছত চামিল হ'ব AIUDF ৷’’ এই দাবীৰে বিস্ফোৰণ ঘটাইছে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷
শেহতীয়াভাৱে AIUDFৰ দুগৰাকীকৈ গুৰুত্বপূৰ্ণ বিধায়কৰ সৈতে নিজৰ বিধায়ক আবাসত ৰুদ্ধদ্বাৰ বৈঠকত বহি শিৰোনাম দখল কৰিছিল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷ চৰ্চা হৈছিল যে, আব্দুৰ ৰচিদ মণ্ডলকে ধৰি একাংশ কংগ্ৰেছৰ বিধায়কে এআইইউডিএফৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে (Congrss AIUDF alliance) । ৰুদ্ধদ্বাৰ বৈঠকখনৰ দুদিনৰ পাচতে সোমবাৰে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে একপ্ৰকাৰ বিস্ফোৰণ ঘটাইছে ৷
বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ দাবী, ‘‘বিজেপিক ওফৰাবলৈ হ’লে এআইইউডিএফে অকলে নোৱাৰে ৷ এআইইউডিএফে অকলে ৰাজ্যত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰিব ৷ তেন্তে আজমলে কেনেকৈ পৰিবৰ্তন আনিব ? এআইইউডিএফ অসমত নাথাকেগৈ ৷ AIUDF থাকিলে বিজেপিয়ে লাই পায় ৷ কংগ্ৰেছে AIUDFক নিগিলে, এয়া সময়ৰ আহ্বান ৷ পৰিস্থিতিৰ আহ্বান ৷ বিজেপিৰ অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ হ’লে AIUDF ৰ সকলো আহি কংগ্ৰেছত যোগদান কৰিব লাগিব ৷ লোকসভা নিৰ্বাচনৰ আগতেই সেয়া হ’ব (Badruddin Ajmal to join congress) ৷”
লগতে কংগ্ৰেছৰ বিধায়ক ৰচিদ মণ্ডলে দাবী কৰিছে, “লোকসভা নিৰ্বাচনৰ আগতেই AIUDFৰ সকলো নেতা আহি কংগ্ৰছত যোগ দিব ৷ ভোটাৰ আৰু সমৰ্থকৰ দাবী আৰু হেঁচাত আজমলকে ধৰি সকলো AIUDFৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব (Lok Sabha Election 2024) ৷”
এতিয়া প্ৰশ্ন হ’ল যে, কংগ্ৰেছ বিধায়কজনে দাবী কৰা অনুসৰি সঁচাকৈয়ে লোকসভা নিৰ্বাচনৰ আগতেই আজমলসহ AIUDF নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব নেকি ? নে ৰচিদ মণ্ডলৰ এয়া এক ৰাজনৈতিক চাতুৰ্য ভৰা বক্তব্য ? আজমলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ’ব মন কৰিবলগীয়া (Assam political scenario) ৷
উল্লেখ্য যে, AIUDF মুৰব্বী বদৰুদ্দিন আজমলে (Badrudding Ajmal on Bhupen Bora) প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ ৷ AIUDF ৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও ভূপেন পৰাই টকা লৈ থকা বুলি অভিযোগ আজমলৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু AIUDF ৰ বাদানুবাদ চলি থকাৰ মাজতে কংগ্ৰেছী সংখ্যালঘু বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে কৰা দাবীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক: Lok Sabha Election 2024: 2024 ৰ লোকসভা নিৰ্বাচনত কাৰ কাৰ হ’ব মিত্ৰতা ?