ETV Bharat / state

শ্বেৰমানক কাষত বহুৱাই আজমলে ক’লে- পুলিচৰাজৰ দিশে অসম

author img

By

Published : Jun 1, 2022, 7:47 PM IST

দিছপুৰত বুধবাৰে আজমলক সাক্ষাৎ কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদে (Sherman Ali meets Badruddin Ajmal)। পুনৰ এ আই ইউ ডি এফলৈ ঘূৰি অহাৰ সম্ভাৱনা শ্বেৰমান আলি আহমেদৰ । বটদ্ৰৱা কাণ্ড সন্দৰ্ভত আজমলে ক’লে - পুলিচৰাজ হোৱাৰ দিশে অসম । পুলিচে পৰিকল্পিতভাৱে চিত্ৰনাট্য বনাই এনেদৰে হত্যা কৰিব নালাগে ।

Sherman Ali meets Badruddin Ajmal
শ্বেৰমানক কাষত বহুৱাই আজমলে ক’লে, পুলিচৰাজ হোৱাৰ দিশে অসম

গুৱাহাটী, ১ জুন: কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী পুনৰ এ আই ইউ ডি এফলৈ ঘূৰি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলি আহমেদক আদৰি লোৱাৰ সেউজ সংকেত দিলে মৌলানা বদৰুদ্দিন আজমলে । বুধবাৰে দিছপুৰৰ বিধায়ক আবাসৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ ঘৰলৈ আহিল সাংসদ বদৰুদ্দিন আজমল (Sherman Ali meets Badruddin Ajmal)৷

দিছপুৰলৈ আহিলে ভাতৃ ছিৰাজুদ্দিনৰ বিধায়ক আৱাসতে আশ্ৰয় লোৱা আজমলক বুধবাৰে হঠাতে সাক্ষাৎ কৰে বিধায়ক শ্বেৰমান আলি আহমেদে । ইয়াৰ মাজতে বিভিন্ন বিষয়ত প্ৰতিক্ৰিয়া লোৱাৰ বাবে উপস্থিত হোৱা সাংবাদিকে আজমলক প্ৰশ্ন কৰিলে যে পুৰণি ঘৰলৈ আহিব নেকি শ্বেৰমান আলি আহমেদ? উত্তৰত তেওঁ ক'লে যে, আহিয়েই থাকে । তেওঁ লগতে কয় যে দহ বছৰ একেলগে এটা দলত থকা শ্বেৰমান আলি আহমেদ আজি আলহী হৈ আহিছে ।

বিষয়টো হাঁহি-ধেমালিৰ মাজেৰে চলি থকাৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ স্পষ্টকৈ দিয়াৰ পৰা বিৰত থাকিলেও কিন্তু আজমলে শ্বেৰমান আলি পুনৰ দললৈ ঘূৰি অহাৰেই ইংগিত দিলে । ইফালে এ আই ইউ ডি এফত কেতিয়া যোগদান কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক শ্বেৰমান আলি আহমেদে পোনপটীয়াকৈ উত্তৰ নিদি কয় - 'আজমল চাহাবে কোৱাৰ দৰে মই আজি তেওঁৰ আলহীহে ৷ তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈহে মই আহিছোঁ ৷ বাকী সমষ্টিৰ কথা কিছু আলোচনা কৰিছো ৷ দলত যোগদানৰ কথা আলোচনা হোৱা নাই ।'

আনহাতে বটদ্ৰৱা কাণ্ড(Batadrava police station incident) সন্দৰ্ভত আজমলে কয় যে পুলিচৰাজ হোৱাৰ দিশে অসম । শেহতীয়া ঘটনাৰাজিক লৈ এই আশংকা ব্যক্ত কৰি আজমলে কয় যে বটদ্ৰৱা থানাৰ পুৰণা ঘৰ জ্বলোৱা হৈছে । তাত কি আছিল আমি নাজানো আৰু এই বিষয়ত আমি একো ক’বলৈ নাযাওঁ । থানা জ্বলোৱা ঘটনা ভাল হোৱা নাই বুলি উল্লেখ কৰি তেওঁ অভিযুক্তৰ ঘৰত পিষ্টল উদ্ধাৰ হোৱা ঘটনাক চিনেমাৰ লগত তুলনা কৰে । বটদ্ৰৱাকাণ্ডৰ মূল অভিযুক্তৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তেওঁ কয় যে ইয়াৰ আঁৰত ষড়যন্ত্ৰ আছে । চিনেমাতহে এনে ঘটনা হয় ।

পুলিচে পৰিকল্পিতভাৱে চিত্ৰনাট্য বনাই এনেদৰে হত্যা কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁ আইন আদালত নাই নেকি বুলি প্ৰশ্ন কৰে (Badruddin Ajmal on Batadrava incident)। ইফালে মাদ্ৰাছাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত(Himanta Biswa Sarma against madrasas) জাঙুৰ খাই উঠে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল । উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা নোহোৱা কৰি তাৰ বিপৰীতে শিক্ষাৰ্থীসকলক ডাক্তৰ, ইঞ্জিনিয়াৰ কৰাৰ কথা কৈছিল । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই বদৰুদ্দিন আজমলে দঢ়তাৰে কয় যে চৰকাৰৰ পৰা কোনো সাহাৰ্য নোলোৱাকৈ আমি ডাক্তৰ-ইঞ্জিনিয়াৰ বনাই আছো ।

মাদ্ৰাছাত পঢ়া শিক্ষাৰ্থী আজি ডাক্তৰ, বিজ্ঞানী, অধিবক্তা আদি বিভিন্ন বৃত্তিত নিয়োজিত হৈছে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমল । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অলপ চকু মেলি চালে সকলো দেখা পাব । কংগ্ৰেছত থকা সময়ত হিমন্ত বিশ্ব শৰ্মা আজিৰ দৰে সাম্প্ৰদায়িক নাছিল বুলি উল্লেখ কৰি আজমলে কয় যে নাগপুৰৰ পৰা পি এইচ ডি কৰি অহা হিমন্ত বিশ্ব শৰ্মাই এতিয়া এনেদৰে কথা ক'বই লাগিব । তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ বিৰুদ্ধে মাত মাতি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে মাদ্ৰাছাৰ বাবে এহেজাৰ কোটি টকাৰ পেকেজ দিছে ।

হিমন্ত বিশ্ব শৰ্মাই নিজৰ পুৰণা দিনৰ কথা স্মৰণ কৰি মাদ্ৰাছা স্থাপন কৰাৰ লগতে মাদ্ৰাছাৰ বাবে পুঁজি দিব লাগিছিল বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে ডাঙৰ ভুল কৰি আছে বুলি উল্লেখ কৰি তেওঁ নীতি সলনি কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: হঠাৎ নিবনুৱা হৈ পৰিল 900 গৰাকী শিক্ষক-কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.