ETV Bharat / state

আৰ্থিক অনুদানৰ ঘোষণা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ - Badaruddin ajmal announced to contribute financial help to government guwahati kamrup metro assam etv bharat news

১ কোটি ৫০ লাখ টকাৰ আৰ্থিক পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা এআইইউডিএফ-ৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷ কৰ’ণা প্ৰতিৰোধৰ বাবে চৰকাৰৰ সাহায্য পুঁজিলৈ এই অনুদান আগবঢ়াব ধুবুৰীৰ সাংসদ গৰাকীয়ে ৷

কৰ’ণা ভাইৰাছ
আৰ্থিক অনুদান
author img

By

Published : Mar 26, 2020, 5:40 PM IST

Updated : Mar 26, 2020, 11:59 PM IST

গুৱাহাটী,26 মাৰ্চঃ মহামাৰী কৰ'ণাৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণত সুবিধা হ’বলৈ ৰাজ্য চৰকাৰৰ কোষলৈ ১ কোটি ৫০ লাখ টকাৰ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে এআইইউডিএফ দলৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ বৃহস্পতিবাৰে সাংসদ আজমলে কৰ'ণাই সম্প্ৰতি বিশ্বত যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যাৱতীয় চিকিৎসা সেৱা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ এই মহামাৰীত পৰি অসমৰ ৰাইজ যাতে বিপৰ্যয়ৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ পুঁজিৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি ৰাজ্য চৰকাৰৰ কোষলৈ আগবঢ়াব সাংসদ গৰাকীয়ে ৷ লগতে আজমলে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰা নিয়মাৱলীসমূহ ৰাইজক মানি চলিবলৈ আহ্বান জনায় ৷

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে আজমলৰ পদক্ষেপ

নগাওঁঃ অসম চৰকাৰৰ সাহায্য পুঁজিলৈ মহাবিদ্যালয় অধ্যক্ষ পৰিষদে আগবঢ়ায় এদিনৰ দৰমহা । বৃহস্পতিবাৰে মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা । বৰকটকীৰ আহ্বানক সঁহাৰি মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ । লক ডাউনৰ সময়ত সকলোকে ঘৰৰ ভিতৰত থাকি নিজৰ লগতে সমাজক সুৰক্ষা প্ৰদানৰ দাবী জনায় নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে ।

মহাবিদ্যালয় অধ্যক্ষ পৰিষদে আগবঢ়ায় এদিনৰ দৰমহা

গুৱাহাটীঃ মাৰ্চ বা এপ্ৰিল মাহটো প্ৰতিখন চৰকাৰৰ বাবে অভাৱৰ সময় । যিহেতু এই সময়ছোৱাতে পৰৱৰ্তী বিত্তীয় বছৰটোৰ বাবে নতুন বাজেট ধাৰ্য কৰা হয় । এনে এক জটিল সময়তে ৰাজ্যত কৰ’ণা আতংকই দেখা দিয়াৰ ফলত ৰাইজৰ পৰা সাধ্যানুসৰি বিত্তীয় সাহাৰ্য বিচাৰিছে ৰাজ্য চৰকাৰে ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ জনায় এই আহ্বান ৷ যদিহে কোনো ইচ্ছুক ব্যক্তিয়ে সাহাৰ্য আগবঢ়াব খোজে তেন্তে "অসম আৰোগ্য নিধি,একাউন্ট নম্বৰ- ৩২১২৪৮১০১০১, ষ্টেট বেংক অৱ ইণ্ডিয়া, আই এফ এছ চি- SBIN 0010755"ত ধন জমা দিব পাৰিব ৷

ইয়াৰ লগতে,কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফে আগবঢ়ায় 33 কোটি 81 লাখ টকা ৷ আনহাতে,ৰাজ্যসভাৰ নৱনিৰ্বাচিচ সাংসদ ভূৱনেশ্বৰ কলিতাই সাংসদ পুঁজিৰ পৰা চিকিৎসালয় নিৰ্মাণৰ অৰ্থে 1 কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ সাংসদ আব্দুল খালেকে সাংসদ পুঁজিৰ পৰা50 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে প্ৰদ্যুত বৰদলৈয়ে নিজৰ সমষ্টিৰ বাবে 1 কোটি টকা আগবঢ়াব ৷

লগতে চাওকঃ কিয় বাৰে বাৰে বিয়পে অন্ধবিশ্বাস !

Last Updated : Mar 26, 2020, 11:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.