ETV Bharat / state

মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ইতিমধ্যে উপস্থিত হৈছে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু । চিকিৎসালয়খন পৰিদর্শন কৰি মন্ত্ৰীগৰাকীয়ে বুজ লয় শেহতীয়া পৰিস্থিতিৰ ৷

b baurah cancer institute visit by himanta biswa sarma guwahati kamrup metro etv bharat news
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্য় মন্ত্ৰীৰ
author img

By

Published : May 8, 2020, 12:27 PM IST

গুৱাহাটী,8 মে’ঃ ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণৰ দিশে অগ্ৰসৰ কৰ’ণা ভাইৰাছে । বৃহস্পতিবাৰে ৰাজ্যত ৮ গৰাকীকৈ লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ খবৰে এক ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে । বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চাফাই কৰ্মীৰূপে কৰ্মৰত এগৰাকী মহিলাৰ নাতিনীয়েক কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱাত বৰ্তমান সুৰক্ষাৰ স্বাৰ্থত সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে চিকিৎসালয়খন । কিছুসময় পূৰ্বে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰতিষ্ঠানখন পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয় । ইতিমধ্যে মৃত্যু হোৱা ১৬বছৰীয়া যুৱতী গৰাকীৰ লগতে পৰিয়ালৰ লোকে কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল এই সম্পৰ্কে সকলো তথ্য সংগ্ৰহৰ চেষ্টা চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে ৷

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্য় মন্ত্ৰীৰ

আনহাতে প্ৰতিষ্ঠানখন বন্ধ কৰি দিয়াত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে চিকিৎসাৰ বাবে অহা ৰোগীসকল । একাংশ আৰ্থিকভাৱে দুৰ্বল ৰোগী লক্​ ডাউনৰ মাজতো চিকিৎসাৰ বাবে আহি বিমুখ হ’বলগীয়া হৈছে । সমান্তৰালকৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ ক্ষেত্ৰতো যথেষ্ঠ সমস্যাৰ সৃষ্টি হৈছে । উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রতিষ্ঠানখন পৰিদৰ্শনৰ পিছত দুপৰীয়া ২ বজাত এক সংবাদমেল সম্বোধন কৰিব ।

লগতে চাওকঃ বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মুখ্য প্ৰৱেশদ্বাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.