গুৱাহাটী, 3 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চালক আৰু সাধাৰণ ৰাইজৰ মাজত পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে দিয়া নিৰ্দেশ তৎকালীনভাৱে ৰূপায়ণ কৰিবলৈ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি কামৰূপ মহানগৰ জিলা পৰিবহণ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) বিষয়া কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী মহানগৰীত এক পথ সুৰক্ষা সজাগতা সমদল উলিওৱা হয় ।
জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত বেতকুছিস্থিত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে খানাপাৰাৰ জি এছ ৰোডলৈ উলিওৱা সজাগতা সমদলত গুৱাহাটীৰ দুচকীয়া বাহন বিক্ৰেতা-ডীলাৰ্চ আৰু মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই সহযোগিতা আগবঢ়ায় । সজাগতা সমদলত শতাধিক দুচকীয়া বাহন চালক, কামৰূপ মহানগৰ জিলাৰ জ্যেষ্ঠ যান বাহন পৰিদৰ্শকদ্বয় কানাই মহন্ত আৰু জয়ছিং ৰংফাৰ, গড়চুক থানাৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰ ঘোষকে ধৰি যান-বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ কেইবাগৰাকীও কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে ।
![awareness relly by dto guwahati at highway](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12962823_355_12962823_1630688491968.png)
আনহাতে সমদলত ভাগ লোৱা সকলে দ্ৰুতগতি পৰিহাৰ কৰক, নিৰ্ধাৰিত আৰু নিয়ন্ত্ৰিত গতিবেগত বাহন চলাওক, দুৰ্ঘটনা ৰোধ কৰক, পথ সুৰক্ষা আৰু যান বাহন আইন মানি বাহন চলাওক, পথ সুৰক্ষা-জীৱন ৰক্ষা শীৰ্ষক বেনাৰ, পোষ্টাৰ আদি হাতে হাতে লৈ কৰে প্ৰদৰ্শন ।
লগতে পঢ়ক : কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?