ETV Bharat / state

মহানগৰীত শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠান - Child Protection Scheme

গুৱাহাটীত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠান । বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সহযোগত শনিবাৰে সংস্থাৰ বোন্দাত থকা 'স্কুল ৱাপচী' কেন্দ্ৰত অনুষ্ঠিত কৰে এক সজাগতামূলক কাৰ্যসূচী । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে ।

Awareness programme on child rights in Guwahati
মহানগৰীত শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:03 PM IST

গুৱাহাটী,১৮ নৱেম্বৰ : শিশুৰ অধিকাৰ ৰক্ষা আৰু জনসাধাৰণৰ বাবে আইনী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ জিলা আইন সেৱা প্ৰাধিকৰণে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সহযোগত শনিবাৰে সংস্থাৰ বোন্দাত থকা 'স্কুল ৱাপচী' কেন্দ্ৰত 'শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫' সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে ।

Awareness programme on child rights in Guwahati
মহানগৰীত শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠান

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ডাঃ মজুমদাৰে শিশুৰ সৈতে জড়িত আইনী বিষয়সমূহ অতি সংবেদনশীলতা আৰু যত্নসহকাৰে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আইনী সেৱাসমূহ সহজলভ্য আৰু শিশু অনুকূল কৰি তোলাৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে লোৱা পদক্ষেপসমূহৰ তেওঁ শলাগ লয় । চিকিৎসক তথা সমাজকৰ্মী ডাঃ ৰবীন মজুমদাৰে তেওঁ শিশুৰ অধিকাৰ সুনিশ্চিত কৰা তথা সুৰক্ষিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ।

ইয়াৰোপৰি অনুষ্ঠানটিত উপস্থিত থাকে বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা প্ৰদীপ গুপ্তা । ৰাউণ্ড টেবল ইণ্ডিয়াই কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুল বেগ বিতৰণ কৰে । অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ প্ৰতিনিধিসকলেও শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । বক্তাসকলে শিশুৰ অধিকাৰ ৰক্ষা আৰু আইনী সেৱাৰ ক্ষেত্ৰত সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে শিশু শ্ৰমিক ৰোধৰ ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : কৰ্ম সংস্থাপন বিচাৰি ভিৰ লগালে যুৱক-যুৱতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.