ETV Bharat / state

Save Bharalu Mission: বাহিনী নৈৰ গতি সলনিৰ সিদ্ধান্তৰ বিৰোধিতা ছেভ ভৰলুৰ

ভৰলুক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ভৰলু বচাওঁ অভিযানৰ সজাগতা কাৰ্যসূচী (save bharalu awareness programme in guwahati) । ভৰলু পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত বাহিনী নৈৰ গতি সলনি কৰি বশিষ্ঠলৈ বোৱাই নিনিবলৈ সকলোৱে দাবী জনায় । ভৰলু পুনৰুদ্ধাৰৰ বাবে বশিষ্ঠ চাৰিআলিৰ কাষৰ কালীমন্দিৰৰ শ্লুইচ গে'ট উঠাই বাহিনীক বোৱাই নিয়াৰ ব্যবস্থা কৰাৰ দাবী । বাহিনী নৈক ৰুক্মিণীগাঁৱৰ পৰা শিলসাঁকোলৈ নতুনকৈ খাল খান্দি বোৱাই নিয়াৰ চৰকাৰৰ প্ৰস্তাৱিত আঁচনিৰ বিৰোধিতা ।

author img

By

Published : Feb 12, 2023, 6:26 PM IST

Save Bharalu awareness programme
বাহিনী নৈৰ গতি সলনিৰ সিদ্ধান্তৰ বিৰোধিতা ছেভ ভৰলুৰ

গুৱাহাটী, ১২ ফেব্রুৱাৰী : ভৰলু নদীক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য আগত লৈ জন্মলাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান ছেভ ভৰলু অভিযানৰ উদ্যোগত দেওবাৰে ভৰলুৰ উৎপত্তি স্থান জোনালীত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় (save Bharalu aims to revive Bharlu River) । ছেভ ভৰলুৰ আহ্বানমৰ্মে মুমূর্ষু ভৰলুক বচোৱাৰ আৰ্জিৰ প্ৰতি সঁহাৰি জনাই দেওবাৰৰ সজাগতা কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে (Save Bharalu awareness programme in guwahati) ।

উক্ত অভিযানৰ গুৰুত্ব বুজি আনকি ৮০-৯০ ঊৰ্ধ্বৰ লোকেও ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে ওলাই আহে । এই উপলক্ষে ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে আঁত ধৰা সজাগতা অনুষ্ঠানত ছেভ ভৰলুৰ উপ-সভাপতি ডাঃ সীমাৰেখা দেৱী, সক্রিয় সদস্য সত্যব্ৰত শৰ্মা, নৱপ্ৰসাদ শৰ্মা, ধ্ৰুবজ্যোতি শইকীয়া, অখিল গোস্বামী সমন্বিতে বহুজনে বক্তব্য আগবঢ়ায় (Save Bharalu demand revive Bharalu river) । আনহাতে, সজাগতা সভাত ভৰলু নৈৰ পাৰৰ লোকসকলে ভৰলু পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত বাহিনী নৈৰ গতি সলনি কৰি বশিষ্ঠলৈ বোৱাই নিনিবলৈও একমুখে দাবী জনায় ।

উল্লেখ্য, ৮০-৯০ বছৰৰো ঊৰ্ধ্বৰ সমাজ সচেতন ব্যক্তি, চিকিৎসক, অভিযন্তা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, লেখক, সাংবাদিকে ভৰলু পুনৰুদ্ধাৰৰ বাবে বশিষ্ঠ চাৰিআলিৰ কাষৰ কালীমন্দিৰৰ শ্লুইচ গে'ট উঠাই বাহিনীক বোৱাই নিয়াৰ ব্যবস্থা কৰিবলৈ দাবী জনায় (Save Bharalu mission to pollution free Bharalu river) । সভাত ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে কয় যে, ভৰলুৰ পাৰৰ লোককলে যদি স্বতঃস্ফূৰ্তভাৱে প্ৰহৰীৰ ভূমিকা গ্রহণ নকৰে তেতিয়াহ'লে ভৰলু পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয় ।

আনহাতে, কেৱলল চৰকাৰেই ভৰলু নৈক বচাব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে । লগতে উপস্থিতসকলে বাহিনী নৈক ৰুক্মিণীগাঁৱৰ পৰা শিলসাঁকোলৈ নতুনকৈ খাল খান্দি বোৱাই নিয়াৰ চৰকাৰৰ প্ৰস্তাৱিত আঁচনিৰ বিৰোধিতা কৰে আৰু সেই খালেৰে মেঘালয়ৰ পাহাৰৰ পৰা বাৰিষা যোৰাবাটেদি বৈ অহা পানীহে নিয়াৰ ব্যৱস্থা কৰিবলৈ সজোৰে দাবী জনায় । এই সজাগতা সভাত অংশগ্রহণ কৰা লোকসকলে বাহিনী নৈক নিজৰ বাটেৰে ববলৈ দিয়ক, বাহিনী বৈ গ'লেহে ভৰলু বৈ যাব আৰু বাহিনী, ভৰলু বাৰমাহে বৈ থাকিলেহে গুৱাহাটী বানমুক্ত হ'ব পাৰিব, নলা-নৰ্দমা তথা কোনো জলাশয়ত আৱৰ্জনা নেপেলাব, প্লাষ্টিক-পলিথিন বৰ্জন-নিয়ন্ত্ৰণ কৰক আদি শ্লোগান লিখা পোষ্টাৰ ভৰলুৰ পাৰে পাৰে আঁৰি দিয়ে ।

উল্লেখ্য যে, এচাম অদূৰদৰ্শী লোকৰ অবিবেচক কৰ্ম-কাণ্ডৰ বাবে ভৰলু ব্যাপক ৰূপত প্ৰদূষিত হৈ পৰিছে । লগতে বহু ঠাইত এই নদীখন বেদখলকাৰীৰ কবলত পৰাৰ লগতে নদীখনৰ বুকুত বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাই ঐতিহাসিক ভৰলুৰ ওপৰত অত্যাচাৰ চলাই আহিছে । যাৰ বাবে বৰ্তমান অস্তিত্বৰ সংকটত ককবকাই আছে ভৰলু নদীয়ে । তাৰ পৰিপ্ৰেক্ষিততে বিগত বহু বছৰ ধৰি ভৰলু নদীক ৰক্ষা কৰা, প্ৰদূষণমুক্ত কৰাৰ দাবীৰে ছেভ ভৰলু নামৰ সংগঠনটোৱে বিভিন্ন সজাগতামূলক অভিযান চলাই আহিছে ।

লগতে পঢ়ক :Protest for including in Majuli district: মাজুলী জিলাৰ সৈতে চামিলৰণৰ দাবীত লখিমপুৰ জিলাত উত্তাল প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.