গুৱাহাটী,২৮ ফেব্ৰুৱাৰী : নগাঁও আৰু কাছাৰ কাগজ কলৰ(Nagaon and Cachar Paper Mills) বিক্ৰী মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছ । দেওবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা(State Congress spokesperson Dilip Kumar Sharma) কাগজ কলৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে । তেওঁ কয় যে কাগজ কলৰ ৫,০০০ কোটি টকীয়া সম্পত্তি ৩৭৫ কোটি টকাৰ পানীৰ দৰত বিক্ৰী কৰিব বিচৰা হৈছে(Auction price of paper mills reduced) ।
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ইয়াৰ আঁৰত নিশ্চয় ষড়যন্ত্ৰ আছে বুলি অভিযোগ কৰি কয় যে দলীয় কোনো লোকক নাইবা বহিৰাগত বনিয়াক পানীৰ দৰত কাগজ কল দুটাৰ সম্পদ চৰকাৰে দিব বিচাৰিছে । বিজেপি চৰকাৰৰ এটাই কাম সম্পদ বিক্ৰী কৰা । কোনো কাৰণতে কাগজ কল দুটা পানীৰ দৰত বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে ব্যাপক আন্দোলন গঢ়ি তুলিব ।
কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনাই তেওঁ কয় যে কাগজ কল দুটাৰ মূল্য প্ৰথমে ১,১৩৯ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও ক্ৰমাৎ হ্ৰাস কৰি ৩৭৫ কোটি টকা কৰা হৈছে । কিন্তু প্ৰকৃততে কাগজ কল দুটাৰ সম্পত্তিৰ মূল্য পাঁচ হাজাৰ কোটি টকাৰ ওপৰত । কাগজ কল দুটা পানীৰ দৰত বিক্ৰী কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হোৱাৰ বাবে তেওঁ আহ্বান জনায় ।
উল্লেখ যে, ৮ মার্চত ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ নামত থকা ভূমি-সম্পত্তি আৰু সা-সৰঞ্জাম বিক্ৰী কৰা হ'ব বুলি ঘোষণা কৰিছে হিন্দুস্তান কাগজ নিগম লিমিটেড (এইচ পি চি এল)ৰ লিকুইডেটৰ কুলদীপ বার্মাই । এইবাৰ কাগজ কল দুটাৰ বিক্ৰী মূল্য ৩৭৫ কোটি টকা ধার্য কৰা হৈছে । যাক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ।
লগতে পঢ়ক : পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস