ETV Bharat / state

আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে : অতুল বৰা - নতুন আঞ্চলিক দলে

নতুন আঞ্চলিক দলে অগপৰ কোনো হানি বিঘিনি ঘটাব নোৱাৰে । আজি বিভিন্ন আঞ্চলিক দলৰ জন্ম দিয়া একাংশই CAA আন্দোলনৰ দ্বাৰা নিজৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে বুলি বিষ্ফোৰক মন্তব্য অতুল বৰাৰ ৷

আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰি: অতুল বৰা

author img

By

Published : Dec 16, 2020, 5:59 PM IST

গুৱাহাটী,১৬ ডিচেম্বৰ: CAA আন্দোলনৰ জড়িয়তে ৰাজনীতিৰ ৰুটি সেকিব খোজা সকলৰ আশা কেতিয়াও পূৰণ নহ’ব । কাৰণ, আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে ।" এই ভাষ্য অসম গণ পৰিষদৰ সভাপতি, ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ । অগপৰ সভাপতি গৰাকীয়ে আৰু কয় যে, নতুন আঞ্চলিক দলে অগপৰ কোনো হানি বিঘিনি ঘটাব নোৱাৰে । আজি বিভিন্ন আঞ্চলিক দলৰ জন্ম দিয়া একাংশই CAA আন্দোলনৰ দ্বাৰা নিজৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে বুলিও তেওঁ মন্তব্য কৰে ।

আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰি: অতুল বৰা

আনহাতে, সদ্য অগপ ত্যাগী বিধায়ক পবিন্দ্ৰ ডেকাক সুবিধাবাদী ৰাজনীতিক বুলি আখ্যা দি তেওঁ কয় যে, আগন্তুক সময়ত অগপ বিজেপিত বিলীন হৈ যাব বুলি মন্তব্য কৰা পবিন্দ্ৰ ডেকা দৈৱজ্ঞ নে ভৱিষ্যত বাণী কৰোতা ? কি পৰিস্থিতিত তেওঁ কংগ্ৰেছ এৰি থৈ আহি কাকূতি মিনতি কৰি অগপত যোগদান কৰিছিল সেই কথা কোনেও পাহৰা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । চন্দ্ৰমোহন পাটোৱাৰী অগপৰ সভাপতি হৈ থকা সময়তে পবিন্দ্ৰ ডেকাই তেওঁৰ হাতে ভৰিয়ে ধৰি অগপত যোগ দিছিল ।

আনহাতে, অসম জাতীয় পৰিষদত যোগ দিয়া লুৰিণজ্যোতি গগৈক শুভেচ্ছা জনাই অতুল বৰাই কয় যে, ব্যক্তিগত ভাবে লুৰিণজ্যোতি গগৈৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাই । আগন্তুক দিনত অৰ্থাৎ ২০২১ ৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ সৈতে অগপৰ মিত্ৰতা বাহাল থকাৰ কথাও দোহাৰে অগপৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়কঃ হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.