ETV Bharat / state

পুনৰ অগপৰ সভাপতিৰ আসনত অতুল বৰা - গপৰ একাদশ কেন্দ্ৰীয় সাধাৰণ অধিবেশন

অধিবেশনত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক নিমন্ত্ৰণ দিয়া হৈছিল বুলি স্পষ্ট ভাষাৰে কয় দলটোৰ অন্যতম জ্যেষ্ঠ নেতা ডঃ কমলাকান্ত কলিতাৰ লগতে বৃন্দাবন গোস্বামীয়ে ৷ ইফালে, জিলা সমিতিৰ কোনো নিষেধাজ্ঞা এতিয়ালৈ দলটোৰ হাতত পৰা নাই বুলিও মন্তব্য কৰে কৰ্মকৰ্তাসকলে ৷ এয়া কেৱল সংবাদ মাধ্যমত প্ৰকাশিত নিষেধাজ্ঞা বুলিহে মন্তব্য কৰে অগপৰ উচ্চ স্তৰীয় নেতৃত্বই ।

Atul Bora was re-elected as the next president Of AGP
পুনৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল অতুল বৰা
author img

By

Published : Aug 27, 2020, 11:08 PM IST

নিউজ ডেস্ক,27আগষ্টঃআদালতৰ স্থগিতাদেশক অৱহেলা কৰি অনুষ্ঠিত হ'ল অগপৰ একাদশ কেন্দ্ৰীয় সাধাৰণ অধিবেশন ৷ মহানগৰ জিলা সমিতিৰ পুৰণা কমিটিৰ তিনিজনকৈ নেতাই গুৱাহাটী চেচন আদালতত অগপৰ অধিবেশন সন্দৰ্ভত এক গোচৰ তৰিছিল । সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিলে COVID প্ৰটোকল ভংগ হ’ব বুলি অভিযোগ আনিছিল তিনিওজনে । আনহাতে, 19 ছেপ্টেম্বৰলৈ এই অধিবেশন স্থগিত ৰখাৰ ৰায়দান দিছিল ন্যায়ালয়ে কিন্তু সকলো অমান্য কৰি অৱশেষত অনুষ্ঠিত হ'ল অগপৰ অধিৱেশনখন ৷

পুনৰ অগপৰ সভাপতিৰ আসনত অতুল বৰা

বৃহস্পতিবাৰে পুৱাৰে পৰা উদুলি-মুদুলি আমবাৰীস্থিত অগপৰ কাৰ্যালয় ৷ কাৰ্যালয়ত ভিৰ কৰিলেহি দলটোৰ নেতা,কৰ্মকৰ্তা সকলে ৷ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ দলটোৰ সভাপতি আসনত অধিষ্ঠিত হয় অতুল বৰা ৷আনহাতে,উক্ত অধিবেশনত উপস্থিত নাথাকে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ দৰাচলতে জ্যেষ্ঠ নেতাগৰাকীক আমন্ত্ৰণ নজনোৱা সন্দৰ্ভত সৃষ্টি হৈছিল কিছু বিতৰ্কৰ ৷ কিন্তু বুধবাৰে অধিবেশনত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক নিমন্ত্ৰণ দিয়া হৈছিল বুলি স্পষ্ট ভাষাৰে কয় দলটোৰ অন্যতম জ্যেষ্ঠ নেতা ডঃ কমলাকান্ত কলিতাৰ লগতে বৃন্দাবন গোস্বামীয়ে ৷ ইফালে, জিলা সমিতিৰ কোনো নিষেধাজ্ঞা এতিয়ালৈ দলটোৰ হাতত পৰা নাই বুলিও মন্তব্য কৰে কৰ্মকৰ্তাসকলে ৷ এয়া কেৱল সংবাদ মাধ্যমত প্ৰকাশিত নিষেধাজ্ঞা বুলিহে মন্তব্য কৰে অগপৰ উচ্চ স্তৰীয় নেতৃত্বই ।

কিন্তু এই ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷ আদালতৰ নিষেধাজ্ঞা অমান্য কৰি অসম গণ পৰিষদৰ নতুন বিষয়-ববীয়া নিৰ্বাচন কৰা কাৰ্যক তীব্ৰভাৱে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ দলটোৱে প্ৰাক্তন নেতা-কৰ্মীক সম্পূৰ্ণ উপেক্ষা কৰি গ্ৰহণ কৰা জাতীয়তাবাদ ধ্বংসকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷

উল্লেখ্য যে, অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দুবাৰকৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল অসম গণ পৰিষদ দলে ৷ কিন্তু এই সময়ছোৱাত দলটোৰ উন্নীতকৰণৰ বাবে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নাম বাদ পৰাকলৈ উদ্বেগ প্ৰকাশ কৰিছে একাংশই ৷ প্ৰতিষ্ঠাপক সভাপতিৰ অবিহনে কিদৰে ভেটি মজবুত থাকিব দলটোৰ সেয়া এক বৃহৎ প্ৰশ্ন ৷

লগতে পঢ়কঃপাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.