ETV Bharat / state

Atul Bora in Guwahati: জাতি-জনগোষ্ঠী আগবাঢ়ি গ’লেহে ৰাজ্যৰ সৰ্বাংগীন বিকাশ সম্ভৱ: কৃষিমন্ত্ৰী

author img

By

Published : Jan 5, 2023, 6:40 PM IST

মুখ্যমন্ত্ৰীৰ এককালিন বিশেষ সাহায্য পুঁজিৰ দ্বাৰা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় ছাত্ৰাবাসৰ নিৰ্মাণ কাৰ্যৰ শিলান্যাস কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Foundation stone for Chutia Students Union head office)৷ এক কোটি ৭৫ লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া এই ছাত্ৰাবাসত বিনামূলীয়াকৈ থাকিব পাৰিব শিক্ষার্থীয়ে ৷ বুধবাৰে এই কথা উল্লেখ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷

foundation stone for Chutia Students Union head office
চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন
এক কোটি ৭৫ লাখ টকাৰে নিৰ্মাণ হ’ব চুতীয়া ছাত্ৰাবাস

গুৱাহাটী, 5 জানুৱাৰী : ‘‘দেশৰ অগ্ৰণী পাঁচখন ৰাজ্যৰ ভিতৰত অসমক তালিকাভুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সকলো দিশতে বিভিন্ন পৰিকল্পনা লৈ কাম কৰি আহিছে । বিশেষকৈ ৰাজ্যখনৰ পিচপৰা জনগোষ্ঠীসমূহে যাতে সমাজৰ অন্য জনগোষ্ঠীসমূহৰ লগত সমানে ফেৰ মাৰি আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই চৰকাৰে ।’’

বুধবাৰে চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু ছাত্ৰাবাসৰ শিলান্যাস কৰি সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷ লগতে তেওঁ কয়, ‘‘জনগোষ্ঠীসমূহৰ বহু সমস্যা আছে ৷ কিন্তু এই সমস্যাসমূহ সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত মুখ্যমন্ত্ৰী ড৹ শর্মাই সৌহাদ্যপূর্ণ আলাপ-আলোচনাৰ মাজৰে সমাধানৰ পথ উলিয়াবলৈ সক্ষম হৈছে আৰু যিবোৰ সমস্যা আছে সমাধন কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে ৷ সকলো জাতি-জনগোষ্ঠী আগবাঢ়ি গ’লেহে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ সম্ভৱ আৰু নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিম’’ ।

উল্লেখ্য যে, বুধবাৰে গুৱাহাটী মহানগৰীৰ বৰবাৰী মেগজিনস্থিত বীৰাংগানা সাধনী ভৱনৰ চৌহদত মুখ্যমন্ত্ৰীৰ এককালিন বিশেষ সাহায্য পুঁজিৰে নিৰ্মাণ হ’বলগীয়া চুতীয়া ছাত্ৰ সন্থাৰ (All Assam Chutia Students Union) কাৰ্যালয় আৰু ছাত্ৰাবাসৰ শিলান্যাস কৰে অসম চৰকাৰৰ জ্যেষ্ঠমন্ত্ৰী মন্ত্ৰী অতুল বৰাই (Foundation stone for Chutia Students Union head office)।

লগতে পঢ়ক : Sankardev Kalakshetra new auditorium: 800 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ’ব শংকৰদেৱ কলাক্ষেত্ৰত

বুধবাৰে পুৱাই চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকলম বৰুৱাৰ উপস্থিতিত কৃষিমন্ত্ৰী বৰাই নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে শেহতীয়াকৈ 25 কোটি টকা প্ৰদান কৰিছিল । তাৰে এটা অংশ অর্থাৎ এক কোটি 73 লাখ টকাৰে চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু এটা ছাত্ৰাবাস নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷

এই অনুষ্ঠানতে কৃষিমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বতে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে । সামন্তৰালভাৱে প্ৰতিটো জনগোষ্ঠীৰ উন্নয়ন পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদসমূহক মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈ জনগোষ্ঠীসমূহৰ উন্নয়নৰ দিশটো তান্বিত কৰি তুলিছে বুলিও মন্ত্ৰী বৰাই মন্তব্য কৰে ৷

উল্লেখ্য যে, উক্ত অনুষ্ঠানটো আঁত ধৰি চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই নিৰ্মাণ হ’বলগীয়া এই ছাত্ৰাবাসত অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিনামূলীয়াকৈ থকাৰ সুবিধা লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, উক্ত অনুষ্ঠানতে সাংবাদিকৰে হোৱা বাৰ্তালাপত কৃষিখণ্ডৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্তব্য কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Project Flag off in Guwahati: মহানগৰীত 1777 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু ভূমি পূজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.