গুৱাহাটী, চেপ্টেম্বৰ 6 :
মুম্বাইৰ অপৰাধ অনুসন্ধান শাখাৰ সহযোগত মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মুম্বাইত আটক কৰে বহিঃ ৰাষ্ট্ৰৰ দুই হেকাৰক ৷
মহানগৰীত শেহতীয়াকৈ সংঘটিত এ টি এম হেকৰ সৈতে জড়িত আছিল আটকাধীন দুই আফগান যুৱক ৷
ধৃত হেকাৰ দুটাৰ নাম ইদগী ইমৰাহ আৰু আব্দুল হালেক ৷
মুম্বাইত বাহৰ পাতি এ টি এম হেকৰ ভয়াৱহ জাল পেলাইছিল এই দুই হেকাৰে ৷
মহানগৰীৰ কেইবাটাও এ টি এমত সংস্থাপিত কৰিছিল চিচি কেমেৰা আৰু বিশেষ যন্ত্ৰ ।
গ্ৰেপ্তাৰ হোৱা দুই হেকাৰক মুম্বাই আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ এটা দলে চলাই আছে মাৰাথন জেৰা ।
অতিশীঘ্ৰে এই ঘটনাত জড়িত সকলো হেকাৰ আৰক্ষীৰ জালত পৰিব বুলি মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ।
দুই আফগানী যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এ টি এম কাৰ্ড, লেপটপ আৰু বহু আপত্তিজনক সামগ্ৰী ।
গুৱাহাটীত বৰ্তমানলৈ 46 টা এ টি এম হেকিঙৰ গোচৰ ৰুজু হৈছে ।