ETV Bharat / state

বিৰোধীৰ হুলস্থলীয়া পৰিৱেশৰ বাবে বিধানসভাৰ অধিৱেশন স্থগিত - অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

চলিত বিধানসভাৰ অধিৱেশনত শুক্ৰবাৰে পুৱা বিৰোধী দলে বিভিন্ন বিষয়লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে সাময়িকভাৱে স্থগিত হৈ পৰে বিধানসভাৰ চতুৰ্থ দিনৰ অধিৱেশন(Assam legislative Assembly adjourned) । শুক্ৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা বিভিন্ন বিষয়ৰ প্ৰশ্নোত্তৰেৰে সৈতে আৰম্ভ হৈছিল অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ চতুৰ্থ দিন ।

Assam legislative Assembly adjourned for 10 minutes
বিৰোধীৰ হুলস্থলীয়া পৰিৱেশৰ বাবে বিধানসভাৰ অধিৱেশন স্থগিত
author img

By

Published : Sep 16, 2022, 1:02 PM IST

গুৱাহাটী, 16 ছেপ্টেম্বৰ: বিৰোধীৰ হুলস্থলীয়া পৰিৱেশৰ বাবে স্থগিত বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন (Assam legislative Assembly adjourned)৷ অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ চতুৰ্থ দিনটোত সদন উত্তাল কৰি তোলে বিৰোধী বিধায়কসকলে ৷ অধিৱেশন চলি থকাৰ মাজতে আজি আকৌ বিৰোধী দল মূলত: কংগ্ৰেছৰ বিধায়কসকলে হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

ভিক্টৰ দাসৰ ন্যায় বিচাৰি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিকলৈ বিধানসভাত কংগ্ৰছৰ বিধায়কসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । কংগ্ৰেছৰ বিধায়কসকলে ভিক্টৰ দাসৰ ন্যায় বিচাৰি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ জনায় হাতে হাতে প্লে'কাৰ্ডলৈ বিধানসভাৰ অধ্যক্ষৰ সম্মূখত প্ৰতিবাদ সাব্যস্ত কৰে(Opposition reaction on Victor Das arrested)।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনজাতিকৰণৰ স্বীকৃতিৰ বিষয়টো সন্দৰ্ভত হাতত প্লে'কাৰ্ডলৈ বিধানসভাৰ অধ্যক্ষৰ সম্মূখত প্ৰতিবাদ সাব্যস্ত কৰে(Akhil Gogoi on Demanding tribalization) । যাৰ বাবে বিধানসভাৰ অধ্যক্ষই বিৰোধী দল বিশেষকৈ কংগ্ৰছৰ বিধায়কসকলে সৃষ্টি কৰা হুলস্থলীয়া পৰিৱেশৰ বাবে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাস বৰ্তমানো আৰক্ষীৰ জিম্মাত আছে । জানিব পৰা মতে আৰক্ষীৰ জিম্মাত থকা ভিক্টৰ দাস শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে । আনপিনে, শেহতীয়াভাৱে গ্ৰাহকক নতুন স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পিছতে বিদ্যুতৰ মাচুল ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাকলৈ বিদুৎ গ্ৰাহকৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: সুৰাৰ পাছত বিদ্যুতৰ মাচুল বৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.