ETV Bharat / state

বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱক লৈ তীব্ৰ হুলস্থূল বিধানসভাত

পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন(Budget Session)ৰ প্ৰথম দিনটোতে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । সভা স্থগিত প্ৰস্তাৱক কেন্দ্ৰ কৰি সদনত হুলস্থূল আৰম্ভ হয় । কংগ্ৰেছ(Congress), এআইইউডিএফ(AIUDF) আৰু চিপিএমৰ তৰফৰ পৰা আগবঢ়োৱা হয় সভা স্থগিত ৰখাৰ প্ৰস্তাৱ ।

author img

By

Published : Jul 12, 2021, 1:01 PM IST

Assembly adjournment motion by CONGRESS, AIUDF
অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন আৰম্ভ

গুৱাহাটী, ১২ জুলাই : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন(Budget Session) । অধিৱেশনৰ প্ৰথম দিনটোতে আজি বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱক কেন্দ্ৰ কৰি এক তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত । সদনত সোমবাৰে প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় বিধানসভাৰ কাৰ্যক্ৰমণিকা । কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইৰ প্ৰশ্নৰে বিধানসভাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হয় ।

মূলতঃ শক্তি আৰু গৃহ বিভাগৰ প্ৰশ্নসমূহ আজি উত্থাপিত হয় সদনত । প্ৰশ্নোত্তৰ কাল অন্ত পৰাৰ পিছতে বিৰোধী পক্ষই সন্মিলিতভাৱে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে । কংগ্ৰেছ(Congress) আৰু এআইইউডিএফ(AIUDF)ৰ পক্ষৰ পৰা দুখন আৰু চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ফালৰ পৰা এখন মুঠ তিনিখন সভা স্থগিত প্ৰস্তাৱৰ জাননী অধ্যক্ষক দাখিল কৰা হয় ৷

বিৰোধীয়ে অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিষয়টো আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তিনিওখন জাননীয়েই নাকচ কৰা বুলি ঘোষণা কৰাত বিধানসভাত উদ্ভৱ হয় এক হুলস্থূলীয়া পৰিস্থিতিৰ ।

উল্লেখ্য যে, ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব । এইবাৰ বাজেট অধিৱেশনত বহু কেইখন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিল কৰা হ'ব । তদুপৰি অসম বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব ৷

লগতে পঢ়ক: মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.