ETV Bharat / state

Assam Youth Olympic Games 2022 : সোণাপুৰত যুৱ অলিম্পিকৰ চাইক্লি‍ং প্ৰতিযোগিতা - অসম যুৱ অলিম্পিক গেমছ

প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে অসম যুৱ অলিম্পিক গেমছ । সোণাপুৰৰ ২২ মাইলত অনুষ্ঠিত হৈছে গেমছৰ চাইক্লি‍ং প্ৰতিযোগিতা (Cycling Event of Assam Youth Olympic Games)। উভয় শাখাতে মুঠ ৫৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

Assam Youth Olympic Games 2022
সোণাপুৰত যুৱ অলিম্পিকৰ চাইক্লি‍ং প্ৰতিযোগিতা
author img

By

Published : Jul 23, 2022, 6:33 PM IST

গুৱাহাটী, ২৩ জুলাই : নতুন প্ৰতিভাৰ সন্ধানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম যুৱ অলিম্পিক গেমছ । অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে অসম যুৱ অলিম্পিক (Assam Youth Olympic games) । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গেমছৰ শুভাৰম্ভ কৰা হয় ।

এই প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে সোণাপুৰৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত অনুষ্ঠিত হয় চাইক্লি‍ং প্ৰতিযোগিতাৰ (Assam Youth Olympic Cycling Event At Sonapur)। ৰাজ্যখনৰ ৭ খন জিলাৰ ল'ৰা-ছোৱালীৰ উভয় শাখাতে মুঠ ৫৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত । ১৯ বছৰ অনুৰ্ধৰ চাইক্লি‍ং ইভেন্টত ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, নগাঁও, বিশ্বনাথ, গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত 'Time Trial Master' শাখাত আছে ল'ৰাৰ ২০ কিলোমিটাৰ আৰু ছোৱালীৰ ১৫ কিলোমিটাৰ আনহাতে 'Master's' শাখাত আছে ল'ৰাৰ ৬০ কিলোমিটাৰ আৰু ছোৱালীৰ ৪০ কিলোমিটাৰ চাইক্লিং ।

সোণাপুৰত যুৱ অলিম্পিকৰ চাইক্লি‍ং প্ৰতিযোগিতা

উল্লেখ্য যে ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই মেগা ইভেন্টত ৰাজ্যখনৰ মুঠ ৪,১১৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । এই গেমছ গুৱাহাটীৰ ১১ টা ভেন্যুত মুঠ ৩২ টা ইভেণ্টৰ খেল অনুষ্ঠিত হ'ব ৷ এই যুৱ অলিম্পিকৰ বেছিভাগ ইভেন্টতে ১৯ বছৰ অনুৰ্ধৰ খেলুৱৈয়ে ভাগ ল'ব ৷

অৱশ্যে বেডমিন্টন আৰু টেবুল টেনিছ ইভেণ্টত বয়সৰ সীমা কিছু বৃদ্ধি পাব বুলি জানিব পৰা গৈছে । আনকি এই খেলৰ সময়ত সহায় কৰিবৰ বাবে প্ৰায় ৬০০ গৰাকী স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে ৷ এই গেমছৰ সামৰণি পৰিব ২৭ জুলাইত ৷

লগতে পঢ়ক :Assam Youth Olympic Games: প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল অসম যুৱ অলিম্পিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.