গুৱাহাটী, 7 ছেপ্টেম্বৰ : এপিডিচিএলৰ ভুল পৰিচালনাৰ বাবেই উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৰ হাৰাশাস্তি ভোগ কৰিব লগীয়া হৈছে সাধাৰণ জনতাই, এই বুলি মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া ইনচার্জ অভিজিত মজুমদাৰে । অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত অভিজিত মজুমদাৰে কয়,'শেহতীয়াকৈ অসমৰ ৰাইজক প্রয়োজনীয় বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত আত্মসমর্পনকাৰী স্থিতি লৈ লোড শ্বেডিং নকৰাকৈ বিদ্যুৎ যোগান দিবলৈ অসমর্থ বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূর্ণ দায়িত্বজ্ঞানহীন । আমাৰ প্রশ্ন প্রতি ইউনিটত ৪ টকা পর্যন্ত বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে প্রতিমাহে অতিৰিক্ত ২০০ কোটি টকা লাভ আহৰণ কৰি থকাৰ পাচতো কিয় বিদ্যুৎ যোগান দিব নোৱাৰে? "
অভিজিত মজুমদাৰে লগতে কয় - ‘মুখ্যমন্ত্ৰীয়ে আমাৰ হাতত আলাউদ্দিনৰ চাকি নাই বুলি কৈ মূৰ পোলোকা মাৰিব বিচাৰিছে । মুখ্যমন্ত্ৰী আপোনাক ক’ব বিচাৰিছো যে ৰাজ্যবাসীক সঠিকভাৱে বিদ্যুৎ যোগান ধৰিবলৈ আপোনাৰ হাতত আলাউদ্দিনৰ চাকি থাকিব নালাগে, মাত্ৰ আপোনাৰ চৰকাৰৰ অধীনস্থ এপিডিচিএলৰ সঠিক মেনেজমেন্ট দক্ষতা থাকিব লাগে । এপিডিচিলে নিজৰ দুর্বলতা ঢাকি হয়তো ভুল তথ্য দিছে ।’
‘আনহাতে সকলো কথা সকলো দপ্তৰ নিজে চলাব বিচৰা মুখ্যমন্ত্ৰীয়ে এপিডিচিএলৰ ভুল পৰিচালনাৰ কথা কিয় ধৰিব পৰা নাই, সেয়া আমাৰ বোধগম্য নহয়’ । তেওঁ লগতে কয় যে নিজকে দক্ষ বুলি ফিতাহি মাৰি ফুৰা মুখ্যমন্ত্ৰী এগৰাকীয়ে এপিডিচিএলৰ অদক্ষতাৰ কথা বুজি নোপোৱাটো অতি জৰুৰী বিষয় ।
ইপিনে বিদ্যুত যোগান ধৰিব লাগিলে মাচুল বেছিকৈ দিব লাগিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ৷ তেওঁ মুখ্যমন্ত্ৰীৰ মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ।