গুৱাহাটী, ১৫ জুলাই: খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা আঁচনিখনে স্পৰ্শ কৰিব নোৱাৰিলে ৰাজ্যৰ বহু খিলঞ্জীয়া লোকক । বিশেষকৈ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী মিছন বসুন্ধৰা আঁচনিখন আৰম্ভ কৰিছিল । কিন্তু নানান বিসংগতিৰ বাবে বহু সংখ্যক গাঁও মিছন বসুন্ধৰাৰ পৰা বাদ পৰিল । বহু খিলঞ্জীয়া লোকে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে ।
জানিব পৰা মতে কামৰূপ মহানগৰকে ধৰি লখিমপুৰ, ধেমাজি, মাজুলী, গোলাঘাট আৰু বঙাইগাঁও জিলাৰ বহু গাঁৱৰ খিলঞ্জীয়া বাসিন্দাই ভূমি পট্টাৰ বাবে মিছন বসুন্ধৰা আঁচনিত আৱেদনেই কৰিব নোৱাৰিলে । বহুভুজ আকৃতিৰ মেপ নথকা, দাগ নম্বৰ নথকা আৰু চিঠা প্ৰ-পত্ৰৰ অভাৱত এই জিলাকেইখনৰ বহু লোকে মিছন বসুন্ধৰাত ভূমি পট্টাৰ বাবে আৱেদন কৰাৰ সুযোগ নাপালে ।
মিছন বসুন্ধৰাত আৱেদনৰ বাবে বান্ধি দিয়া চৰ্তসমূহৰ বাবে এতিয়া স্বয়ং খিলঞ্জীয়া লোকেই ভূমি পট্টা পোৱাৰ পৰা বঞ্চিত হ'ব লগা ঘটনা সংঘটিত হৈছে । বঞ্চিত গাঁৱসমূহৰ বাসিন্দাক আৱেদন কৰাৰ বাবে চৰকাৰে পুনৰ সুযোগ দিব নে নাই সেয়াও স্পষ্ট হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত মিছন বসুন্ধৰা-২ ত আৱেদন কৰাৰ সুযোগ নোপোৱা গাঁৱসমূহত তৎকালে জৰীপ চলোৱাৰ দাবী উত্থাপন কৰিছে সদৌ অসম ট্রাইবেল সংঘই ।
সংগঠনটোৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে বঞ্চিত খিলঞ্জীয়াৰ বাবে মিছন বসুন্ধৰা ৩-০ আৰম্ভ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । লক্ষণীয় বিষয় যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে বিজেপি চৰকাৰে মিছন বসুন্ধৰা নামৰ ধ্বজাবাহী আঁচনিখন আৰম্ভ কৰিছিল । ২০২১ চনৰ ২ অক্টোবৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে এই আঁচনিখন মুকলি কৰা হৈছিল ।
পৰৱৰ্তী সময়ত ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২-০ আৰম্ভ কৰা হৈছিল । ইতিমধ্যে সমাপ্ত হোৱা মিছন বসুন্ধৰা-২ত ১৩,৩৯,৫৯৭ গৰাকী লোকে আৱেদন কৰিছিল । ইয়াৰে ২৪,৯৮২ খন আৱেদন এতিয়ালৈকে নিষ্পত্তি কৰা হৈছে । আনহাতে বাতিল কৰা হৈছে ২৪,৯৮১খন আৱেদন ।
লক্ষণীয় বিষয় যে বহু সংখ্যক খিলঞ্জীয়া লোকে মিছন বসুন্ধৰা-২ত ভূমিৰ পট্টা বিচাৰি আৱেদন কৰাত ব্যর্থ হয় । ইয়াৰ কাৰণ সন্দৰ্ভত ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে আজিপর্যন্ত বহু গাঁৱত ৰাজহ বিভাগে জৰীপেই চলোৱা নাই । জৰীপ নচলোৱাৰ ফলত বহু গাঁৱৰ আজিও নাই বহুভুজ আকৃতিৰ মেপ, নাই দাগ নম্বৰ, নাই চিঠা বহী । যাৰ ফলত মিছন বসুন্ধৰাই ঢুকি নাপালে বহু গাঁৱক ।
ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই খোদ গুৱাহাটীৰ গাতেই লাগি থকা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৰীয়া অঞ্চলতেই নথিৰ অভাৱত বহু লোকে মিছন বসুন্ধৰাত আৱেদন কৰিব নোৱাৰিলে । অথচ সেইসকল লোক হাড়ে-হিমজুৱে খিলঞ্জীয়া অসমীয়া । ডিমৰীয়াৰ দৰে ধেমাজি, লখিমপুৰ, মাজুলী, গোলাঘাট আদিত যুগ যুগ ধৰি বসবাস কৰি অহা বহু জনজাতীয় লোকে ভূমিৰ অধিকাৰ সাব্যস্ত কৰাত ব্যর্থ হয় ।
লক্ষণীয় বিষয় যে যেতিয়ালৈ ভূমিৰ পট্টা নাথাকে তেতিয়ালৈ খিলঞ্জীয়াই চৰকাৰী সা-সুবিধাও লাভ নকৰে । সেয়ে মিছন বসুন্ধৰা আঁচনিখন চৰকাৰে গ্ৰহণ কৰিছিল যদিও কার্যকৰী ব্যৱস্থাত যথেষ্ট বিসংগতি ৰৈ যোৱাত বহু গাঁৱৰ লোক আঁচনিখনৰ সুযোগ গ্ৰহণত ব্যর্থ হয় ।
এই খিলঞ্জীয়া লোকসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যিমান পাৰি সোনকালে মিছন বসুন্ধৰাৰ পৰা ৰৈ যোৱা গাঁওসমূহত ৰাজহ বিভাগক জৰীপ চলোৱাৰ বাবে তেওঁ আহ্বান জনায় । কেৱল জৰীপ চলোৱাই নহয়, মিছন বসুন্ধৰা ৩-০ আৰম্ভ কৰিবলৈও তেওঁ চৰকাৰৰ প্ৰতি দাবী জনায় ৷