ETV Bharat / state

Assam TMC : আজমলৰ অৱস্থা এতিয়া 'না ঘৰ কা, না ঘাট কা'; ক'লে ৰিপুন বৰাই

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:47 PM IST

সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ দুয়োজনেই বুজাবুজিৰ মাধ্যমেৰে চলে বুলি মন্তব্য কৰে বৰাই ৷

Assam TMC Chief Ripun Bora
ৰিপুন বৰা
আজমল আৰু মুখ্যমন্ত্ৰীক আক্ৰমণ ৰিপুন বৰাৰ

গুৱাহাটী, 3 নৱেম্বৰ : সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 'চাচা' আৰু 'ভতিজা' আখ্যা দিলে প্ৰাক্তন সাংসদ তথা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ সময়ে সময়ে আজমল আৰু মুখ্যমন্ত্ৰীয়ে কৰি অহা মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে আগতেই কৈ থৈছে যে মুখ্যমন্ত্ৰীয়ে যি কয় তাকে শুনে আজমলে ৷ দুয়োজনেই বুজাবুজিৰ মাধ্যমেৰে চলে বুলি সদৰী কৰি তেওঁ কয় যে এজনে হিন্দুত্বৰ ঠিকা লৈছে আৰু আনজনে মুছলিম উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ ঠিকা লৈছে ৷ বৰাই লগতে কয় যে দুয়োজনৰ পৰিকল্পনা অনুসৰি মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে ক'ব আৰু আজমলে মুছলমানৰ সমৰ্থনত ক'ব ৷

এইটো কৰিয়েই 2016 চনত খালে আৰু 2021 চনতো খালে ৷ কিন্তু সদায় মানুহক মূৰ্খ বনাব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে এইবাৰ কিন্তু এনেবোৰ পন্থা কামত নাহে ৷

মিঞা নহ'লে নচলিব বুলি আজমলে কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে আজমলে সকলো জানি-বুজি পৰিকল্পিতভাৱে কৈছে ৷ আজমলৰ বক্তব্যৰ পৰাই আজমলৰ ৰুচি, চিন্তা-ধাৰা আৰু ব্যক্তিত্ব প্ৰকাশ পাই বুলি তেওঁ কয় ৷ আনহাতে বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ-বাটোৱাৰৰ প্ৰসংগত তেওঁ কয় যে বৰ্তমান পাঁচখন ৰাজ্যৰ নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ আছে ৷ এই নিৰ্বাচনৰ পাছত আলোচনা হ'ব বুলি তেওঁ সদৰী কৰে ৷

ইফালে বিৰোধী ঐক্য মঞ্চত স্থান নোপোৱাৰ বাবেই আজমলৰ এটা হতাশা আছে বুলি সদৰী কৰি তেওঁ কয় যে আজমলৰ অৱস্থা এতিয়া 'না ঘৰ কা, না ঘাট কা' ৷ অতি চতুৰালি ভাল নহয় বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰে মহাজোঁটত থাকি জয়ী হোৱা আজমলে বিজেপিৰ পৰাও টকা ল'লে ৷ বিজেপিৰ পৰা টকা লৈ ৰাজ্যসভাত ভোট দিলে বুলি তেওঁ অভিযোগ কৰে ৷ বিজেপিয়ে আজমলক কেৱল ব্যৱহাৰ কৰে বুলি সদৰী কৰি তেওঁ কয় যে আজমলক কোনেও আস্থাত নলয় ৷

লগতে পঢ়ক : Assam TMC President Ripun Bora : চি বি আই-ইডিক ব্যৱহাৰ বিৰোধী দলক নিয়ন্ত্ৰণ কৰাত ! বিৰোধী ঐক্যমঞ্চৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.